যোৰহাট, 8 অক্টোবৰ: যোৰহাট ফুকন আলিত পুৱাৰ ভাগতে সংঘটিত হ'ল এক অগ্নিকাণ্ড ৷ যোৰহাটৰ ফুকন আলিস্থিত ন'ভা আখল নামৰ এখন ৰেষ্টুৰেণ্টত সংঘটিত হয় এই অগ্নিকাণ্ড ৷ চিলিণ্ডাৰৰ পাইপ ফাটি এই অগ্নি কাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে ৷
যোৰহাটৰ ফুকন আলিস্থিত এখন ব্যৱসায়ীক প্ৰতিস্থানত অগ্নিকাণ্ড - ন'ভা আখলত অগ্নিকাণ্ড
যোৰহাটত পুৱাৰ ভাগতে অগ্নিকাণ্ড ৷ যোৰহাটৰ ফুকন আলি স্থিত ন'ভা আখল ৰেষ্টুৰেণ্টত অগ্নিকাণ্ড সংঘটিত ৷ চিলিণ্ডাৰৰ পাইপ ফাটি অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ৷
![যোৰহাটৰ ফুকন আলিস্থিত এখন ব্যৱসায়ীক প্ৰতিস্থানত অগ্নিকাণ্ড পুৱাৰ ভাগতে যোৰহাটৰ ন'ভা আখলত অগ্নিকাণ্ড](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9094316-thumbnail-3x2-jorhatfire.jpg)
পুৱাৰ ভাগতে যোৰহাটৰ ন'ভা আখলত অগ্নিকাণ্ড
পুৱাৰ ভাগতে যোৰহাট ন'ভা আখলত অগ্নিকাণ্ড
অৱশ্যে এই অগ্নিকাণ্ডৰ ফলত এতিয়ালৈকে কোনো কৰ্মচাৰী আঘাতপ্ৰাপ্ত হোৱা নাই ৷ খবৰ পোৱাৰ ক্ষন্তেক পিছতেই ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ নিৰ্বাপন কৰিলে জুই ৷ অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত এক ভয়ংকৰ বিপদৰ পৰা প্ৰতিষ্ঠানখন ৰক্ষা পৰে ৷
লগতে পঢ়ক:অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদত উত্তাল যোৰহাট