অসম

assam

ETV Bharat / state

Fire incident in Jorhat : যোৰহাটৰ বস্ত্ৰ বিপণীত অগ্নিকাণ্ডৰ ঘটনা, কথমপি বৃহৎ ক্ষয়-ক্ষতিৰ পৰা ৰক্ষা - অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতা

মঙলবাৰৰ পুৱাই যোৰহাট নগৰত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা ৷ অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত কথমপি ৰক্ষা পৰে যোৰহাট নগৰৰ এটা বৃহৎ অংশ । বৃহৎ ক্ষয়-ক্ষতিৰ পৰা ৰক্ষা পৰে চহৰখন ৷

Fire incident in Jorhat
যোৰহাট নগৰত অগ্নিকাণ্ডৰ ঘটনা

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 12:08 PM IST

Updated : Oct 3, 2023, 2:37 PM IST

যোৰহাট নগৰত অগ্নিকাণ্ডৰ ঘটনা

যোৰহাট, 3 অক্টোবৰ: বৃহৎ অঘটনৰ পৰা ৰক্ষা পৰিল যোৰহাট নগৰ । ব্যস্ততাপূৰ্ণ ঘন বসতিপূৰ্ণ এটি এলেকাত মঙলবাৰৰ পুৱাই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । অৱশ্যে অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত কথমপি ৰক্ষা পৰে যোৰহাট নগৰৰ এটা বৃহৎ অংশ ।

জানিব পৰা মতে, নগৰখনৰ মাজমজিয়াত অৱস্থিত বস্ত্ৰ বিপণীৰ পাইকাৰীস্থলীত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় । মঙলবাৰৰ পুৱাই ব্যস্ততাপূৰ্ণ কচুৰিগুলি সুৰজ ট্ৰেক্সটাইল নামৰ বস্ত্ৰ বিপণীখনত জুইৰ সুত্ৰপাত হয় আৰু ধোঁৱাৰে পৰিপূৰ্ণ হৈ পৰে সমগ্ৰ অঞ্চলটো ৷ ফলত উক্ত ব্যস্ততাপূৰ্ণ অঞ্চলটোত হুৱাদুৱা লাগে ৷

প্ৰত্যক্ষদৰ্শীয়ে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াত তৎক্ষণাত ঘটনাস্থলীত আহি উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনী গাড়ী আৰু অতি ক্ষীপ্ৰতাৰে জুই নুমুৱাবলৈ সক্ষম হয় ৷ ফলত ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰে যোৰহাট চহৰ ৷ এই ভয়াৱহ অগ্নিকাণ্ডৰ ফলত বস্ত্ৰ বিপণীখনৰ বহু মুল্যৱান বয়-বস্তুৰ ক্ষয়-ক্ষতি হৈছে বুলি জানিব পৰা গৈছে ।

আনহাতে যি স্থানত জুইৰ সুত্ৰপাত হৈছিল সেই স্থান অতি ঠেক আৰু বৃহৎ ঘন জনবসতি অঞ্চল ৷ অগ্নিনিৰ্বাপক বাহিনীৰ লোকে তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ নকৰাহেঁতেন জুইৰ লেলিহান শিখা অন্য বিপণীলৈ বিয়পি পৰিলে চহৰখনৰ মাৰোৱাৰী পট্তি ,ঠাকুৰবাৰী, বালিবাট আদি স্থান নিমিষতে জুইয়ে আগুৰি ধৰাৰ লগতে সদা ব্যস্ত গড়আলিত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা ব্যক্ত কৰিছে প্ৰত্যক্ষদৰ্শীয়ে । পথটো যথেষ্ট ঠেক হোৱাৰ বাবে উক্ত ঠাইলৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী সোমোৱাটো সম্ভৱ নহয় ৷

উল্লেখ্য যে, শেহতীয়াভাৱে যোৰহাট নগৰত সংঘটিত হোৱা বৃহৎ অগ্নিকাণ্ডৰ ঘটনাবোৰৰ পিচত যোৰহাট জিলা প্ৰশাসনে উক্ত স্থানসমূহ পৰিদৰ্শন কৰি অগ্নিনিৰ্বাপন ব্যৱস্থাৰ দিশটো পৰিচালনা কৰিছিল যদিও সময় বাগৰাৰ লগে লগে সংশ্লিষ্ট প্ৰশাসনৰ বিষয়বোৰৰ ক্ষেত্ৰত গুৰুত্বহীনতা বৃদ্ধি পোৱা বুলি অভিযোগ উথাপিত হৈছে ।

লগতে পঢ়ক :Massive Erosion at Amguri: আমগুৰিত নামতি নদীয়ে লৈছে ভয়কৰ ৰূপ, হাহাকাৰ ৰাইজৰ

Last Updated : Oct 3, 2023, 2:37 PM IST

ABOUT THE AUTHOR

...view details