অসম

assam

ETV Bharat / state

মৰিয়নীত বিধ্বংসী অগ্নিকাণ্ডঃ সম্পূৰ্ণৰূপে জাহ যায় তিনিটাকৈ বাসগৃহ - MARIANI

মৰিয়নীৰ গান্ধীনগৰত বিয়লি এক বিধ্বংসী অগ্নিকাণ্ড ৷ ৰাখাল ঘোষ নামৰ এজন ব্যক্তিৰ বাসগৃহত সংঘটিত এই অগ্নিকাণ্ড ৷

মৰিয়নীৰ 2 নম্বৰ ৱাৰ্ডৰ গান্ধী নগৰত দেওবাৰে বিয়লি বিধ্বংসী অগ্নিকাণ্ড

By

Published : Oct 20, 2019, 11:10 PM IST

মৰিয়নী, 20 অক্টোবৰ: মৰিয়নীৰ 2 নম্বৰ ৱাৰ্ডৰ গান্ধী নগৰত দেওবাৰে বিয়লি এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয় । ৰাখাল ঘোষ নামৰ এজন ব্যক্তিৰ বাসগৃহত সংঘটিত হৈছে এই অগ্নিকাণ্ড ৷ সন্দেহ কৰা মতে ৰাখালৰ বাসগৃহত থকা মিঠাই ফেক্টৰীৰ পৰা এই অগ্নিকাণ্ড সূত্ৰপাত হয় । মিঠাই ফেক্টৰীতে থকা তিনিটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলত এই অগ্নিকাণ্ড বিধ্বংসী ৰূপ লৈ ৰাখাল ঘোষৰ বাসগৃহৰ লগতে কাষতে থকা তেওঁৰ দুটা ভাড়া দিয়া বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত কৰে ।

মৰিয়নীৰ 2 নম্বৰ ৱাৰ্ডৰ গান্ধী নগৰত দেওবাৰে বিয়লি বিধ্বংসী অগ্নিকাণ্ড

এই অগ্নিকাণ্ড ফলত নগদ কেইবালাখ টকাৰ লগতে সোণৰ অলংকাৰ, গুৰুত্বপূৰ্ণ নথি পত্ৰ সা-সামগ্ৰী লগতে এখন লুনা মটৰচাইকেল অগ্নিকাণ্ডত জাহ যায়। ঠেক বাটপথৰ বাবে বহু অসুবিধাৰ সম্মুখীনহৈ ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰে যদিও সম্পূৰ্ণৰূপে জুই জাহ যায় বাসগৃহকেইটা ।

মৰিয়নীৰ 2 নম্বৰ ৱাৰ্ডৰ গান্ধী নগৰত দেওবাৰে বিয়লি বিধ্বংসী অগ্নিকাণ্ড

আৰু পঢ়ক: পোহৰৰ উৎসৱ আদৰিবলৈ সাজু বৰপেটাৰ আতচবাজী উদ্যোগ

ABOUT THE AUTHOR

...view details