অসম

assam

ETV Bharat / state

বৰহোলাত বহিৰাগত বিত্তীয় প্ৰতিষ্ঠানৰ লুন্ঠনৰাজ - বিত্তীয় প্ৰতিষ্ঠান

বহিৰাগত বিত্তীয় প্ৰতিষ্ঠানে লুটিছে অসমৰ সৰ্ব সাধাৰণক । 35% সুতৰ হাৰ প্ৰযোজ্য কৰি সৰ্বসাধাৰণ ৰাইজৰ ওপৰত মাধমাৰ সোধাইছে বিত্তীয় প্ৰতিষ্ঠান সমূহে ।

বৰহোলাত বহিৰাগত বিত্তীয় প্ৰতিষ্ঠানৰ লুন্ঠনৰাজ

By

Published : Sep 12, 2019, 9:23 PM IST

তিতাবৰ, 12 চেপ্তেম্বৰঃ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ নীতি ভৰিৰে মোহাৰি 35% সুতৰ হাৰ প্ৰযোজ্য কৰি সৰ্বসাধাৰণ ৰাইজৰ ওপৰত মাধমাৰ সোধাইছে বিত্তীয় প্ৰতিষ্ঠান সমূহে । এই ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ জালত পৰিল তিতাবৰ বৰহোলাৰ মিৰা চাওঁতাল নামৰ এগৰাকী মহিলা ৷ মিৰা চাওঁতালৰ চহী ব্যৱহাৰ কৰি প্ৰবন্ধকে 20000 টকা উলিয়াই যদিও মিৰা চাওঁতালে এটকাও লাভ নকৰাৰ অভিযোগ ৷

বৰহোলাত বহিৰাগত বিত্তীয় প্ৰতিষ্ঠানৰ লুন্ঠনৰাজ
বৰহোলাত বহিৰাগত বিত্তীয় প্ৰতিষ্ঠানৰ লুন্ঠনৰাজ

আনহাতে এতিয়া কিস্তি দিয়াৰ জাননী লাভ কৰি ক্ষোভিত হৈ পৰিছে এটকাও লাভ নকৰা মিৰা৷ আনহাতে এই প্ৰতিষ্ঠানৰ পৰা অহা কালেশ্বন মাষ্টাৰৰ বিৰুদ্ধেও গুৰুতৰ অভিযোগ তুলিছে ভুক্তভোগী মহিলাগৰাকীয়ে৷ দিন হাজিৰা কৰা লোকসকলৰ পৰা কালেশ্বন মাষ্টাৰ সকলে হাঁহ কুকুৰা টিভি মোবাইল, আনকি ঘৰৰ টিন পাত লৈ যোৱাৰো অভিযোগ । মিৰা চাওঁতালে বৰহোলা আৰক্ষী থানাত এই সন্দৰ্ভত ৰুজু কৰিছে গোচৰ । বৰহোলাৰ পৰা প্ৰায় 30 লাখ টকা লৈ দুই মহিলা প্ৰবন্ধক উধাও হোৱাৰ অভিযোগ ভুক্তভোগী মহিলাৰ৷ এতিয়ালৈকে বৰহোলাত তিনিজন লোকে কিস্তি দিব নোৱাৰি আত্মহত্যাৰ পথ বাছি লৈছে বুলি জানিবলৈ দিছে ভুক্তভোগী মহিলাসকলে৷

ABOUT THE AUTHOR

...view details