অসম

assam

ETV Bharat / state

হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দিলে যুৱকে - fir againts himanta bishwa sarmah

টীয়ক আৰক্ষী থানাত এক গোচৰ ৰুজু হৈছে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৷ বিধানসভা নিৰ্বাচনৰ সময়ত ক’ভিড প্ৰটক'ল ভংগ কৰাৰ অভিযোগত ৰুজু কৰা হৈছে এই গোচৰ ৷

fir againts himanta bishwa sarmah
টীয়ক আৰক্ষী থানাত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ

By

Published : Apr 30, 2021, 9:02 PM IST

টীয়ক, 30 এপ্ৰিল : ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে টীয়ক আৰক্ষী থানাত ৰুজু হৈছে এক গোচৰ ৷ ক’ভিড প্ৰটক'ল ভংগ কৰাৰ অভিযোগ তুলি টীয়ক হাঁহচৰাৰ অমৰ বৰুৱা নামৰ এজন যুৱকে বিজেপি নেতা গৰাকীৰ বিৰুদ্ধে দাখিল কৰিছে এই এজাহাৰ ৷

অভিযোগ মৰ্মে, অসমত বিধান সভা নিৰ্বাচনৰ দিন ধাৰ্য কৰাৰ পৰা নিৰ্বাচন অনুষ্ঠিত হোৱা পৰ্যন্ত ৮২ গৰাকীকৈ লোক কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছিল ৷ যদিও, সেই তথ্য সেই সময়ৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে লুকুৱাই ৰাখি নিৰ্বাচনৰ বৈতৰনী পাৰ হ'বলৈকে অসমত কৰ’ণা নাই গতিকে মাস্ক, ছেনিটাইজাৰ ব্যৱহাৰৰ প্ৰয়োজনো নাই বুলি অসমৰ সহজ সৰল ৰাইজক আশ্বাস দিয়াৰ ফলত এতিয়া, এক ভয়ানক পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে সমগ্ৰ অসমবাসী বুলি দাবী কৰিছে যুৱকজনে ।

টীয়ক আৰক্ষী থানাত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ

তদুপৰি, ডাঙৰ ডাঙৰ সভা পাতি কোনোধৰণৰ ক’ভিডৰ নীতি নিয়ম অৱলম্বন নকৰাৰ অভিযোগ তুলি গাদী দখলৰ স্বাৰ্থত জন জীৱন তথা, সম্পত্তিৰ লগত হেতালি খেলাৰ অভিযোগ তুলি অনতি পলমে মন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰি বিহিত আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই যুৱকজনে ।

লগতে পঢ়ক :১ মে'ত অসমৰ ১৮ বছৰ উৰ্ধৰ লোকে নাপাব প্ৰতিষেধক

ABOUT THE AUTHOR

...view details