অসম

assam

ETV Bharat / state

মাস্ক পৰিধান নকৰাসকলৰ বিৰুদ্ধে কঠোৰ যোৰহাট আৰক্ষী

মাস্ক পৰিধান নকৰা ৰাইজৰ বিৰুদ্ধে ক্ৰমাৎ কঠোৰ হৈছে যোৰহাট আৰক্ষী ৷ আৰক্ষীৰ এটা দলে ৰাজপথত মাস্ক পৰিধান নকৰা ব্যক্তিৰ বিৰুদ্ধে চলোৱা অভিযানত সংগ্ৰহ কৰে প্ৰায় 4 লাখ টকাৰ জৰিমনা ৷ এতিয়াৰ পৰা মাস্ক পৰিধান নকৰা প্ৰতিগৰাকী ব্যক্তিয়ে ভৰিব লাগিব 500 টকাকৈ জৰিমনা ৷

fine collection by jorhat police from violating covid 19 rule assam etv bharat news
যোৰহাট আৰক্ষী

By

Published : Sep 28, 2020, 1:46 PM IST

যোৰহাট,28 ছেপ্তেম্বৰ:যোৰহাটত দৈনিক বৃদ্ধি পাইছে কোভিড 19 ত আক্ৰান্ত লোকৰ সংখ্যা । তথাপিও সচেতন হোৱা নাই জিলাখনৰ একাংশ লোক ৷ সদাব্যস্ত অঞ্চল বিশেষকৈ চহৰখনলৈ বিভিন্ন কামৰ সংক্ৰান্তত অহা বহু ব্যক্তিয়ে মাস্ক পৰিধান কৰা পৰিলক্ষিত নহয় ৷ এনে ব্যক্তিসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰে আৰক্ষীয়ে ৷ সোমবাৰে এনে লোকৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে ৰাজপথত সংগ্ৰহ কৰে প্ৰায় 4 লাখ টকাৰ জৰিমনা ৷

মাস্ক পৰিধান নকৰাসকলৰ বিৰুদ্ধে কঠোৰ যোৰহাট আৰক্ষী

তদুপৰি এতিয়াৰ পৰা মাস্ক পৰিধান নকৰা প্ৰতিগৰাকী ব্যক্তিয়ে ভৰিব লাগিব 500 টকাকৈ জৰিমনা ৷ কিয়নো সম্প্ৰতি অধিক কঠোৰ হৈ পৰিছে যোৰহাট জিলা প্ৰশাসন । জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা অনুসৰি চহৰখনত যান-বাহন আৰক্ষী, কোভিড ন’ডেল বিষয়াকে ধৰি সকলো এতিয়া ব্যস্ত মাস্ক পৰিধান নকৰা লোকৰ বিৰুদ্ধে শাস্তিমূলক জৰিমনা সংগ্ৰহ কৰাত ৷

এই পৰিৱেশে একাংশৰ মাজত আমোদজনক পৰিৱেশ সৃষ্টি কৰিছে ৷ এচামে আকৌ বিনাদ্বিধাই জৰিমনা ভৰিছে যদিও আগ্ৰহ প্ৰকাশ কৰা নাই মাস্ক পৰিধান কৰাত ৷ লগতে একাংশই আকৌ থুঁতৰিত লৈ অহা মাস্ক পৰিধান কৰিছে আৰক্ষীক দেখাৰ পিছতহে ৷ মুঠৰ ওপৰত এক ভিন্নৰঙী পৰিৱেশ দেখা গৈছে যোৰহাটৰ ৰাজপথত ৷

লগতে চাওকঃবাইহাটা চাৰিআলিত শোকাবহ পথ দুৰ্ঘটনাত নিহত দুই

ABOUT THE AUTHOR

...view details