যোৰহাট, 29 অক্টোবৰ: কেইমাহমানৰ পূৰ্বে দেশৰ ভিতৰতে স্বচ্ছ নগৰ হিচাপে পুৰস্কাৰ লাভ কৰিছিল যোৰহাটে ৷ কিন্তু যোৰহাটৰ গড়মূৰ শ্মশানলৈ প্ৰবেশ কৰা পথটো দেখিলে ঘৃণা উপজিব সকলোৰে ৷ গড়মূৰ শ্মশানত প্ৰৱেশ কৰা মূল পথটোৰ কদৰ্যময় অৱস্থাই জীয়াতু ভুগাইছে সমগ্ৰ অঞ্চলটোৰ ৰাইজক ৷
পুতিগন্ধময় পৰিৱেশে জীয়াতু ভুগাইছে যোৰহাটবাসীক
গড়মূৰ শ্মশানত প্ৰবেশ কৰা মূল পথটোৰ কদৰ্যময় অৱস্থাই জীয়াতু ভুগাইছে সমগ্ৰ অঞ্চলটোৰ ৰাইজক ৷ কিয়নো যোৰহাট পৌৰসভাই সংগ্ৰহ কৰা সকলো পেলনীয়া জাৱৰ পেলোৱা হয় সেই পথত ৷
পুতিগন্ধময় পৰিৱেশে জীয়াতু ভুগাইছে যোৰহাটবাসীক
শ্মশান কৰ্তৃপক্ষৰ লগতে স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, যোৰহাট পৌৰসভাই সংগ্ৰহ কৰা সকলো পেলনীয়া জাৱৰ পেলোৱা হয় সেই পথটোত ৷ যাৰ ফলত এক পুতিগন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে অঞ্চলটোত ৷ এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক বৰম্বাৰ অৱগত কৰোৱাৰ পাচতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷ কেৱল সেই পথত জাৱৰ পেলাই কলুষিত কৰিয়েই বিভাগীয় কৰ্তৃপক্ষই দায়িত্ব সামৰাৰ অভিযোগ কৰিছে ৰাইজে ৷