অসম

assam

ETV Bharat / state

প্ৰসূতি বিভাগত স্কুটি: মৰিয়নী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

প্ৰসূতি বিভাগৰ ভিতৰত স্কুটি পাৰ্কিং ৷ মৰিয়নী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত নাৰ্ছ আৰু ৰোগীৰ পৰিয়ালৰ মাজত এক উত্তপ্ত পৰিস্থিতি ৷ ববিতা ভূঞা নামৰ নাৰ্ছ গৰাকীৰ বিৰুদ্ধে অভিযোগ

By

Published : May 20, 2019, 3:08 PM IST

প্ৰসূতি বিভাগত স্কুটি

মৰিয়নী, 20 মে’: প্ৰসূতি বিভাগৰ ভিতৰত স্কুটি পাৰ্কিং কৰাক লৈ মৰিয়নী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত নাৰ্ছ আৰু ৰোগীৰ পৰিয়ালৰ মাজত এক উত্তপ্ত পৰিস্থিতি ৷ চিকিৎসালয়খনত দেওবাৰে বিয়লী মৰিয়নী নিবাসী কিংশুক দাসৰ পত্নীৰ এটি সন্তান জন্ম হয়। মাতৃ আৰু সদ্যোজাত শিশুক চিকিৎসালয়খনৰ প্ৰসূতি বিভাগৰ তত্বাৱধানত ৰখা হৈছিল ।

প্ৰসূতি বিভাগত স্কুটি

কিন্তু নিশা কৰ্তব্যৰত ববিতা ভূঞা নামৰ নাৰ্ছ গৰাকীয়ে নিজে চলাই অহা AS-03X-8923 নম্বৰৰ স্কুটিখন মাতৃ আৰু সদ্যজাত শিশু থকা প্ৰসূতি বিভাগৰ ভিতৰত থয়। ইয়াকে লৈ নাৰ্ছগৰাকী আৰু ৰোগীৰ পৰিয়ালৰ মাজত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

ABOUT THE AUTHOR

...view details