অসম

assam

ETV Bharat / state

যোৰহাটত ড্ৰাগছৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদী সমদল - যোৰহাটত ড্ৰাগছৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদ

ড্ৰাগছৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিলে স্থানীয় ৰাইজ । বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰাইজৰ । গজপুৰীয়া পৰা চহৰখনৰ ৰয়েল ৰোড হৈ ফাঁচি আলিৰে জুৰ সমদল কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । যদি ইয়াৰ পাছতো যোৰহাট জিলা প্ৰশাসনে ড্ৰাগছৰ প্ৰচলন বন্ধ কৰিব নোৱাৰে তেন্তে অনাগত দিনত ইয়াতকৈয়ো জংগী আন্দোলনৰ হুংকাৰ দিয়ে প্ৰতিবাদী ৰাইজে ।

যোৰহাটত ড্ৰাগছৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদ

By

Published : Nov 12, 2019, 8:47 PM IST

যোৰহাট, 12 নৱেম্বৰ:যোৰহাট জিলাৰ বিভিন্ন অঞ্চলত চানি ধৰিছে মৰাত্মক ড্ৰাগছে । যাৰফলত বহু যুৱক-যুৱতীয়ে অকালতে হেৰুৱাই পেলাইছে সুন্দৰ ভৱিষ্য ৷ চহৰখনত এতিয়া সহজলভ্য হৈ পৰিছে ড্ৰাগছ । আৰক্ষীয়ে ইতিমধ্যে বহু কেইজনক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে যদিও এতিয়াও নিশেষ হোৱা নাই ড্ৰাগছৰ বেহা । ড্ৰাগছৰ ঘাটি স্বৰূপ যোৰহাট ফাঁচি আলি, ৰয়েল ৰড, গজপুৰীয়া, ডিগম্বৰ চুকৰ সকলো বাসিন্দা মঙলবাৰে ওলাই আহিল ড্ৰাগছ বেহাৰ লগতে বেপাৰীৰ বিৰুদ্ধে । ঘৰৰ গৃহিনী কন-কন শিশু, মহিলা, যুৱক-যুৱতী সকলো ওলাই আহি প্ৰতিবাদত অংশ ল'লে ।

যোৰহাটত ড্ৰাগছৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details