যোৰহাট, 28 নৱেম্বৰ: ASSAM AGRI BUSINESS AND RURAL TRANSFORMATION PROJECT চমুকৈ APART ৰ অধীনত যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰ আৰু অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ উদ্যোগত আজি উদযাপিত হৈছে শস্য চপোৱা আৰু পথাৰ দিৱস ৷ টীয়ক সমষ্টিৰ অন্তৰ্গত কপিলাচুকত উদযাপন কৰা হৈছে শস্য চপোৱা আৰু পথাৰ দিৱসৰ । উক্ত সভাত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা(MP Kamakhya Prasad Tasa) আৰু জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মন(Jorhat DC Ashok kr Barman) উপস্থিত থাকে ৷
ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা আৰু জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে আধুনিক যান্ত্ৰিক পদ্ধতিৰে পথাৰত ধান দোৱা আৰু ধান ৰোৱা পদ্ধতি পৰ্যবেক্ষণ কৰি অত্যাধুনিক পদ্ধতি কৃষি পদ্ধতিটোৰ প্ৰতি আকৃষ্ট হয় আৰু সকলোকে এই অত্যাধুনিক পদ্ধতিৰে খেতি কাৰ্য কৰি স্বাৱলম্বীতাৰ নিৰ্দশন দাঙি ধৰিবলৈ অসমীয়া চহা কৃষক সমাজৰ প্ৰতি আহ্বান জনায়(Modern agricultural methods ) ।
ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাই সমগ্ৰ পৰিৱেশটো পৰ্যবেক্ষণ কৰাৰ লগতে পথাৰত নিজে নামি মেচিন চলাই ধান দাই কৃষকসকলক উৎসাহিত কৰি তোলা দেখিবলৈ পোৱা যায় । উল্লেখযোগ্য যে, উক্ত পথাৰত অত্যাধুনিক পদ্ধতিৰে খেতি কাৰ্য কৰি শ্ৰম লাঘৱ হোৱাৰ লগতে কম খৰচতে অধিক উৎপাদন হৈছে বুলি জানিবলৈ দিছে উদ্যোক্তা সমিতিয়ে, যিয়ে স্বাভাৱিকতে খেতিয়কৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে ৷