যোৰহাট, ১৪ অক্টোবৰ : যোৰহাটত সাংবাদিকক প্ৰহাৰ বিৰ্তকিত ব্যৱসায়ীৰ (businessman thrashes journalist in Jorhat) । যোৰহাট সদৰ থানাত গোচৰ ভুক্তভোগী সংবাদকৰ্মীৰ । মহিলা সাংবাদিক প্ৰিয়ংকা সেনাপতিক গঁতিয়াই হাত পৰ্যন্ত ভাঙি পেলায় ।
আজি যোৰহাটত বাতৰি সংগ্ৰহ কৰিবলৈ অহা দুজন ফটো সাংবাদিক আৰু এগৰাকী মহিলা সাংবাদিকক বিৰ্তকিত ফটকা ব্যৱসায়ীয়ে অশ্লীল আচৰণ কৰি মোবাইল পৰ্যন্ত কাঢ়ি লৈ যোৱাৰ অভিযোগ উত্থাপন হৈছে (Journalist attacked in Jorhat) । এই সন্দৰ্ভত ক্ষুব্ধ সাংবাদিকসকলে থানাত গোচৰ ৰুজু কৰিছে ।
উক্ত গোচৰৰ ভিত্তিত আৰক্ষীয়ে অংকুৰ গুপ্তা (controversial businessman Ankur Gupta of Jorhat) নামৰ এজন ব্যৱসায়ীক আটক কৰিছে । তথ্য অনুসৰি, বৃহস্পতিবাৰে সন্ধিয়া দুজন ফটো সাংবাদিক ক্ৰমে সৌৰভ চক্ৰৱৰ্তী আৰু প্ৰাঞ্জল দাসে ভিডিঅ' সংগ্ৰহ কৰিবৰ বাবে যোৰহাটৰ কচুৰী গলিত উপনীত হয় । প্ৰাপ্ত তথ্য অনুসৰি, বিৰ্তিকত ব্যৱসায়ী অংকুৰ গুপ্তাই নিজৰ কাপোৰৰ দোকানত প্ৰশাসনৰ অনুমতি অবিহনে আতচবাজী বিক্ৰী কৰি আছিল ।