যোৰহাট, ১৪ আগষ্ট:দেশৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ অসমতো মঙলবাৰে পালন কৰা হ'ব ৭৭ সংখ্যক স্বাধীনতা দিৱস । এই সময়তে দেশৰ স্বাধীনৰ বাবে ইংৰাজৰ বিপক্ষে আন্দোলনত জঁপিয়াই পৰা স্বাধীনতা সংগ্ৰামী সেনানী খগেশ্বৰ গগৈয়ে আজিকোপতি নাপালে ভূমিপট্টা । এইগৰাকী স্বাধীনতা সেনানীৰ পৰিয়ালক ৰজাঘৰ আৰু প্ৰজাঘৰে প্ৰাপ্য দিয়া ক্ষেত্ৰত হেমাহী কৰাৰ অভিযোগ উথাপিত হৈছে । কাৰণ এই গৰাকী স্বাধীনতা সংগ্ৰামীৰ পৰিয়ালে আজিও নাপালে ভূমিপট্টা । শতায়ু গৰকা এইগৰাকী স্বাধীনতা সংগ্ৰামীক ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি সোমবাৰে যোৰহাট জিলা প্ৰশাসনে সম্বৰ্ধনা জ্ঞাপন কৰে যদিও তেওঁৰ মনত থাকি গৈছে এক আক্ষেপ ।
স্বাধীনতা দিৱস বা গণৰাজ্য দিৱসত এগৰাকী স্বাধীনতা সংগ্ৰামী খগেশ্বৰ গগৈক জিলা প্ৰশাসনেৰ লগতে দল -সংগঠনে সম্বৰ্ধনাৰে ওপচাই পেলায় । আজি যোৰহাট জিলা প্ৰশাসনৰ মুৰব্বীয়ে দহাবৰা চকুত থকা তেওঁৰ বাসভৱনলৈ গৈ খগেশ্বৰ গগৈক সম্বৰ্ধনা জ্ঞাপন কৰে । জিলা প্ৰশাসনে লগতে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা কৰোৱাৰ দায়িত্ব গ্ৰহণ কৰাৰ বিষয়েও উল্লেখ কৰে । ১০৪ বছৰীয়া স্বাধীনতা সংগ্ৰামী খগেশ্বৰ গগৈক এসময়ত হৰি নাৰায়ণ বৰুৱা আৰু যোগেন শইকীয়াই স্বাধীনতা সংগ্ৰামৰ পথাৰখনলৈ উলিয়াই আনিছিল । এই গৰাকী স্বাধীনতা সংগ্ৰামীৰ হাতত যোৰহাট ২৪ টা মণ্ডলৰ দায়িত্ব ন্যস্ত কৰা হৈছিল ।