টীয়ক, ২আগষ্ট: ২০১৩ চনতে টীয়কৰ মাজমজিয়াত কেইবাগৰাকীও ক্ৰীড়াপ্ৰেমীৰ সহযোগিতাত প্ৰতিষ্ঠা লাভ কৰা টীয়ক টাইকোৱাণ্ডো ক'চিং চেন্টাৰে সোমবাৰে ৯বছৰ অতিক্ৰমিলে(Teok Taekwondo Training Centre)। বহুতো ঘাট-প্ৰতিঘাটৰ মাজেদি যোৱা ৯ বছৰে মুখ্য প্ৰশিক্ষক দিগন্ত গগৈয়ে বৃহত্তৰ টীয়ক অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলক সমৰকলাৰ প্ৰশিক্ষণ অব্যাহত ৰাখিছে । শেহতীয়াকৈ বঙাইগাঁৱত অনুস্থিত সদৌ অসম টাইকোৱাণ্ডো প্ৰতিযোগিতাত টীয়ক টাইকোৱাণ্ডো ক'চিং চেন্টাৰৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰি ছয়টাকৈ প্ৰদক বুটলিবলৈ সক্ষম হৈছে । লগতে কেইবাগৰাকী খেলুৱৈয়ে ইতিমধ্যে ৰাষ্ট্ৰীয় তথা ৰাজ্যিক পৰ্যায়ত পাৰদৰ্শিতাৰে বিগত দিনসমূহত টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে ।
এই উপলক্ষে সোমবাৰে টীয়কৰ এন আৰ বিল্ডিংস্থিত টীয়ক টাইকোৱাণ্ডো ক'চিং চেন্টাৰত চেন্টাৰৰ সভাপতি ড°বিৰিঞ্চি বৰাৰ সভাপতিত্বত এখনি সম্বৰ্দ্ধনা সভা অনুষ্ঠিত হয় । উক্ত সভাত বিগত বছৰসমূহত সুখ্যাতি লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক ৰাজহুৱাভাৱে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় । লগতে প্ৰশিক্ষণপ্ৰাপ্ত ছাত্ৰ -ছাত্ৰী সকলক বেল্ট প্ৰদান কৰা হয় ।