যোৰহাট, 17 জুলাই : ৰাজ্যজুৰি ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা ৷ ইটোৰ পিচত ভয়ংকৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰিছে ৷ এইবাৰ যোৰহাট জিলাত সংঘটিত হৈছে পিতৃ-কন্যাৰ সম্বন্ধক কলুষিত কৰাৰ ঘটনা ৷ পিতৃৰ দাৰ ঘাপত আহত হৈ নিজ কন্যাই মৃতুৰে যুঁজিব লগা হৈছে চিকিৎসালয়ৰ বিচনাত ৷
সোমবাৰে যোৰহাট জিলাৰ মৰিয়নীৰ ঢেকীয়াজুলি চাহ বাগিচাত পুৱতি নিশা সংঘটিত হয় এক ভয়ংকৰ ঘটনা ৷ সুৰামত্ত পিতৃৰ দাৰ ঘাপত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ সংকটজনক অৱস্থাত জীৱন-মৃত্যুৰে যুঁজিছে নিজ কন্যাই ৷
ঘটনাৰ বিৱৰণী অনুসৰি ঢেকীয়াজুলি চাহ বাগিচাৰ খেৰ লাইনৰ নিবাসী ললিত বাউৰীয়ে সুৰাপান কৰি প্ৰায়েই ঘৰৰ লোকৰ লৈতে কাজিয়াত লিপ্ত হৈ আহিছে ৷ পূৰ্বৰ দৰেই সোমাবাৰ পুৱতি নিশা কাজিয়াই চূড়ান্ত পৰ্যায় পায়গৈ ৷ সেইদিনাও পিতৃ-মাতৃয়ে কাজিয়া লাগি থকাৰ সময়ত কাজিয়া ভাঙিবলৈ গৈছিল কণমানি কন্যাই ৷ এই কথা সহিব নোৱাৰি সুৰামত্ত পিতৃয়ে হিতাহিত জ্ঞান হেৰুৱাই কাষতেই থকা দাৰে উপৰ্যুপৰি প্ৰহাৰ কৰে নিজৰে কণমানি কন্যাক ৷ পিতৃৰ দাৰ ঘাপত তেজেৰে লুতুৰি-পুতুৰি হৈ মজিয়াত ঢলি পৰে কন্যাগৰাকী ৷