তিতাবৰ, 29 আগষ্টঃ নৱজাতকক বিক্ৰী কৰিবলৈ গৈ ৰাইজৰ ৰোষত পিতৃ ৷ পত্নীৰ লগত কাজিয়া লাগি গোলাঘাটৰ দ্বীপ বাম্পা নামৰ এজন 20 বছৰীয়া যুৱকে নিজৰ 20 দিনীয়া নৱজাতকক বিক্ৰীৰ বাবে লৈ যোৱাৰ অভিযোগ উত্থাপন হৈছে৷ তিতাবৰ তিনি আলিৰ পৰা গোলাঘাট অভিমুখে যাত্ৰা কৰা এখন বাছত উঠি আহিছিল এই যুৱকজন৷ বাছৰ যাত্ৰী সকলে নৱজাতকক দেখি সন্দেহ হোৱাত স্থানীয় আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষী উপস্থিত হৈ যুবক জনক সোধ পোচা কৰাত যুবক জনে নৱ জাতকটোক মালিচ কৰিবলৈ নিয়া বুলি জনায় ।
নৱজাতকক বিক্ৰী কৰিবলৈ গৈ ৰাইজৰ ৰোষত পৰিল পিতৃ
20 দিনীয়া নৱজাতকক বিক্ৰী কৰিবলৈ গৈ ৰাইজৰ ৰোষত পৰিল পিতৃ ৷ তিতাবৰ তিনি আলিৰ পৰা গোলাঘাট অভিমুখে যাত্ৰা কৰা এখন বাছত বিক্ৰীৰ বাবে লৈ নৱজাতকক লৈ অহাৰ অভিযোগ প্ৰত্যক্ষদৰ্শীৰ
নবজাতকক বিক্ৰী কৰিবলৈ গৈ ৰাইজৰ ৰোষত পৰিল পিতৃ
কিন্তু আৰক্ষীয়ে ৰাইজৰ সহযোগত যুৱকজনৰ পৰিয়ালৰ লোক মতাত পোহৰলৈ আহিল সমগ্ৰ ঘটনা৷ শহুৰেকে কোৱা অনুসৰি জোৱাই আৰু জীয়েকৰ মাজত কাজিয়া লাগি নৱ জাতকক বিক্ৰী কৰিবলৈ লৈ আহিছিল দ্বীপ বাম্পা নামৰ যুবক জনে ।