যোৰহাট, 1 জুন: ৰাজ্যত এইবাৰ ভুৱা উকীলৰ প্ৰৱঞ্চনাৰ জাল ৷ ক'লা কোট পৰিধান কৰা সকলো লোককে অধিবক্তা বুলি নাভাবিব | ক'লা কোট পৰিধান কৰি নিজকে অধিবক্তা বুলি পৰিচয় দি প্ৰৱঞ্চনা কৰিব পাৰে আপোনাক ৷ ক'লা কোট পৰিধান কৰা সকলো যুৱক-যুৱতীকে অধিবক্তা বুলি ভাবি আইন সম্বন্ধীয় কাম-কাজ অথবা আন কামৰ বাবে কেতিয়াবা কাষ চাপে তেতিয়া আপুনি প্ৰতাৰিত হোৱা সম্ভৱনা আছে (Fake lawyer) ৷
যোৰহাটত এইবাৰ ভুৱা উকীলৰ দপদপনি ৷ যোৰহাট আদালত চৌহদত ক'লা কোট পৰিধান কৰা ভুৱা উকীলৰ প্ৰৱঞ্চনাৰ জাল ৷ এই তথ্য পোহৰলৈ অহাৰ পিছতেই যোৰহাটত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ (Fake lawyer in Jorhat) ৷
যোৰহাটত ভুৱা অধিবক্তাই প্ৰৱঞ্চনাৰে চলাইছে ৰমৰমীয়া ব্যৱসায় ৷ যোৰহাট উকীল সন্থাত ওলাইছে ভুৱা অধিৱক্তা ৷ যোৰহাট আদালতৰ বাহিৰত ভুৱা অধিবক্তা পয়োভৰ ঘটাৰ ঘটনাক লৈ পূৰ্বৰ পৰা চলি থকা চৰ্চা শেহতীয়াকৈ প্ৰমাণ লাভ কৰা গৈছে ৷ যোৰহাট জিলাত একাংশ ছদ্মবেশী অধিবক্তাই প্ৰৱঞ্চনাৰ জাল মেলি সহজ-সৰল লোকক প্ৰতাৰণা কৰি বৃহৎ পৰিমাণৰ ধন আদায় কৰি অহাৰ গুৰুতৰ অভিযোগ উথ্থাপন হৈছে (Jorhat News) ৷