অসম

assam

By

Published : May 11, 2022, 3:38 PM IST

ETV Bharat / state

ওকালতি কৰিবলৈ গৈ ৰঙা ঘৰৰ আলহী হ’ল ভুৱা উকিল পদুম কৰ্মকাৰ

যোৰহাটত ভুৱা উকিলৰ দালালৰাজ ৷ ওকালতি কৰিবলৈ গৈ ৰঙা ঘৰৰ আলহী হ’ল নিজকে উকিল বুলি পৰিচয় দিয়া পদুম কৰ্মকাৰ নামৰ এজন লোকে (Fake advocate arrested in Jorhat) ৷

Fake advocate arrested
ওকালতি কৰিবলৈ গৈ ৰঙা ঘৰৰ আলহী হ’ল ভুৱা উকীল পদুম কৰ্মকাৰ

যোৰহাট, 11 মে’ :যোৰহাটত ভুৱা উকিলৰ দপদপনি । নিজকে উকিল সজাই বহুদিনৰ পৰা পদুম কৰ্মকাৰ নামৰ লোকজনে চলাই আহিছিল দালাল ৰাজ ৷ কিন্তু মঙলবাৰে দশা বেয়া আছিল পদুম কৰ্মকাৰৰ ৷ দাবী কৰা ধন নিবলৈ গৈ ৰঙাঘৰৰ আলহী হ’ল পদুম কৰ্মকাৰ (Fake advocate arrested in Jorhat) ৷

ঘটনাৰ বিৱৰণি অনুসৰি, চুৰি সংক্ৰান্তীয় এটা ঘটনাৰ ভিত্তিত বিগত 15 তাৰিখে চিনামৰা আৰক্ষীয়ে আটক কৰে এজন ব্যক্তিক । এই ঘটনাৰ খবৰ পাই আৰক্ষী থানাত আৰ্বিভাৱ হয় এইজন দালাল ৰূপী উকিলৰ ৷ তাৰ পাচতে চুৰিৰ অভিযোগত আটক হোৱা ব্যক্তিজনক মুকলি কৰা প্ৰলোভন দিয়ে তেওঁৰ পত্নীক ।

যোৰহাটত ভুৱা উকীলৰ দালালৰাজ

অভিযুক্ত স্বামীক মুকলি আৰক্ষীৰ বেহুৰ মাজৰ পৰা উলিয়াবলৈ তেওঁৰ পত্নীয়ে কাষ চাপে নিজকে উকিল বুলি পদুম কৰ্মকাৰৰ ৷

কিন্তু পদুম কৰ্মকাৰ নামৰ ভুৱা উকিলেটোৱে পৰিয়ালটোৰ সৰলতাৰ সুযোগ লৈ দাবী কৰে মোটা ধনৰাশি ৷ তেতিয়ালৈকে সকলো ঠিকেই আছিল ৷ পদুম কৰ্মকাৰে বিচৰা মতে অভিযুক্তৰ পত্নীয়ে দিলে টকা ৷ কিন্তু টকা দিয়াৰ পাচতো পদুম কৰ্মকাৰে মুকলি কৰি আনিব নোৱাৰিলে চুৰিকাণ্ডৰ অভিযোগত আটক হোৱা ব্যক্তিগৰাকীক ৷

ওকালতি কৰিবলৈ গৈ ৰঙা ঘৰৰ আলহী হ’ল ভুৱা উকীল পদুম কৰ্মকাৰ

লগতে পঢ়ক :Fake anti corruption officer : ভুৱা পৰিচয়েৰে ধন দাবী কৰা স্বামী-স্ত্ৰী আটক

ইয়াৰ বিপৰীতে পুনৰ জেলৰ পৰা মুকলি কৰা আশ্বাস দি ভুৱা উকিল পদুম কৰ্মকাৰে পৰিয়ালটোৰ পৰা 15000 হাজাৰ টকা লৈ পলাই ফুৰে । উপায়হীন হৈ ভুক্তভোগী মহিলাগৰাকীয়ে কাষ চাপে যোৰহাট উকিল সন্থাৰ । জানিব পৰা মতে, যোৰহাট আদালত চৌহদত প্ৰায়ে পদুম কৰ্মকাৰক প্ৰত্যক্ষ কৰে যোৰহাটৰ অধিবক্তা সমাজে ৷

কিন্তু বিশেষ চকু দিয়া নাছিল উকিলৰূপী দালালটোক । কিন্তু উৰহি গছৰ উৰ ওলোৱাত এতিয়া চকু কঁপালত উঠিছে অধিবক্তা সমাজৰো ৷ পৰৱৰ্তী সময়ত পদুম কৰ্মকাৰক উকিল সন্থাৰ কাৰ্যালয়লৈ মাতি সোধা পোছা কৰা অন্তত উৎকোষ লোৱাৰ কথা স্বীকাৰ কৰে ভুৱা উকিল পদুম কৰ্মকাৰে ৷

ইতিমধ্যে পদুম কৰ্মকাৰৰ বিৰুদ্ধে যোৰহাট উকিল সন্থাই যোৰহাট থানাত দাখিল কৰে এক এজাহাৰ ৷ এই এজাহাৰৰ ভিত্তিতেই আৰক্ষীয়ে পদুম কৰ্মকাৰক আটক কৰি সুধ-পোচ অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক :আৰক্ষীৰ জালত পৰিচয় পত্ৰ জালিয়াতিৰে অনলাইন সামগ্ৰী ক্ৰয় কৰা প্ৰৱঞ্চক

ABOUT THE AUTHOR

...view details