যোৰহাট,1 নৱেম্বৰ:অসম সাহিত্য সভাৰ কাৰ্য নিৰ্বাহক সমিতিৰ প্ৰথমখন পূৰ্ণাংগ বৈঠক দেওবাৰে অনুষ্ঠিত হৈ যায় ৷ যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ কেন্দ্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত হোৱা বৈঠকখনৰ আৰম্ভণিতে সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰে সভাপতি কুলধৰ শইকীয়াই ৷ উল্লেখ্য যে, এয়া আছিল 2020-22 বৰ্ষৰ কাৰ্য নিৰ্বাহক সমিতিৰ প্ৰথম পূৰ্ণাংগ বৈঠক ৷
উক্ত বৈঠকত সভাপতি শইকীয়াই কয় যে, সাহিত্য সভা হৈছে ৰাইজৰ অনুষ্ঠান আৰু ৰাইজে যেনেদৰে বিচাৰিব সাহিত্য সভা তেনেদৰেই চলিব ৷ তদুপৰি মিঞা আৰু বঙালী সংগ্ৰহালয় স্থাপন সম্পৰ্কত সভাপতিগৰাকীয়ে এনেদৰে কয়, "অসমৰ বৃহৎ জাতিসত্বা, ভাষা-সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত কাৰো মন্তব্যই ভেটি লৰাব নোৱাৰে ৷ ৰাজনৈতিক ক্ষেত্ৰত জড়িত ব্যক্তিয়ে যিমানেই ইয়াক প্ৰদূষিত নকৰক কিয় অসমীয়াৰ জাতিৰ একো ক্ষতি কৰিব নোৱাৰে ৷ আমি সকলো একগোট হৈ অসমীয়া জাতি ৰক্ষা কৰিব লাগিব" ৷