যোৰহাট, 15 ছেপ্তেম্বৰ :বিগত 5 টা বছৰত যোৰহাটত উন্নয়নৰ নামত কেৱল ঢাক ঢোল বজালে বিজেপি চৰকাৰে ৷ অকল আঁচনিৰ ধনৰে একমাত্ৰ পঞ্চায়ত আৰু জিলাখনৰ পথ নিৰ্মাণ কৰিলেই উন্নয়ন হোৱা বুলি কব নোৱাৰি । আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হল যে,বিজেপিৰ নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি বোৰ আচলতে শ্ল'গানহে আছিল । যোৰহাটৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীৰ সৈতে ইটিভি ভাৰতৰ এক বিশেষ সাক্ষাৎকাৰত এই মন্তব্য প্ৰদান কৰে প্ৰাক্তন বিধায়ক গৰাকীয়ে ৷
ইফালে,যোৰহাট জিলা খনলৈ প্ৰত্যক্ষ কৰিলে দেখা পোৱা যায় যে,যোৰহাট পৌৰসভাত এতিয়া শূন্য সহনশীলতা ধুৱা চাঙত ৷ পৌৰসভাখন গঠন হোৱাৰ সময়ৰে পৰা বহু কেইজন পৌৰপতি,উপ-পৌৰপতি সলনি হ'ল । আনহাতে বৰ্তমানেও কৰদাতা ৰাইজে ভুগিব লগা হৈছে বিভিন্ন সমস্যাৰ । কংগ্ৰেছৰ চৰকাৰৰ দিনতে যোৰহাটত যিমান উন্নয়ন হ'ল তাৰ বিপৰীতে বিজেপি চৰকাৰৰ দিনত একো চকুত লগা উন্নয়ন নহ'ল বুলি তেওঁ মন্তব্য প্ৰদান কৰে ৷