অসম

assam

ETV Bharat / state

অখিল গগৈৰ মাতৃৰ স্বাস্থ্যৰ বুজ ল'লে প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীয়ে

জেএমচিএইচৰ আই চি ইউত চিকিৎসাধীন হৈ থকা কৃষক নেতা অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈৰ স্বাস্থ্যৰ বুজ ল'লে যোৰহাটৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীয়ে ৷

অখিল গগৈৰ মাতৃৰ স্বাস্থ্যৰ বুজ ল'লে প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীয়ে
অখিল গগৈৰ মাতৃৰ স্বাস্থ্যৰ বুজ ল'লে প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীয়ে

By

Published : Feb 10, 2021, 1:42 PM IST

যোৰহাট, 10 ফেব্ৰুৱাৰী: বিগত 14 মাহে কাৰাৰুদ্ধ হৈ থকা কৃষক নেতা অখিল গগৈৰ মুক্তিৰ বাবে আশাৰে বাট চাই চাই ৰোগীয়া হৈ পৰা মাতৃ প্ৰিয়দা গগৈৰ স্বাস্থ্যৰ বুজ ল'লে যোৰহাটৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীয়ে ৷ জেএমচিএইচৰ আই চি ইউত চিকিৎসাধীন হৈ থকা প্ৰিয়দা গগৈৰ বিয়োগ সম্পৰ্কে চ'চিয়েল মিডিয়াত একাংশই ভুৱা প্ৰচাৰ চলাই থকাৰ মাজতে সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ সম্পাদক ৰাণা গোস্বামী উপস্থিত হৈ স্বাস্থ্যৰ বুজ লৈ কয় যে, মাতৃত্বৰ আৱেগ আৰু পুত্ৰ স্নেহে শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল কৰি পেলাইছে মাতৃ গৰাকীক ৷

উল্লেখ্য যে, মঙলবাৰে পুৱাৰ ভাগত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল অখিল গগৈৰ মাতৃক ৷ হঠাতে অসুস্থ হৈ পৰা মাতৃ গৰাকীক জেএমচিএইচত ভৰ্তি কৰোৱাৰ পাচতে আই চি ইউত চিকিৎসাধীন হৈ আছে ৷

লগতে পঢ়ক:অখিল গগৈৰ মাতৃৰ বিয়োগ বুলি সামাজিক মাধ্যমত ভুৱা প্ৰচাৰ একাংশৰ

ABOUT THE AUTHOR

...view details