যোৰহাট,27 জানুৱাৰীঃপ্ৰাক্তন বিধায়িকা আৰতি কছাৰী আৰু নাই। দেৰগাঁও বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়িকা আৰতি কছাৰী হৃদৰোগত আক্ৰান্ত হৈ বুধবাৰে পুৱতি নিশা ইহলীলা সম্বৰণ কৰে । উল্লেখযোগ্য যে,দেৰগাঁও বিধানসভা সমষ্টি বিধায়িকা গৰাকীয়ে কংগ্ৰেছৰ হৈ ৰাজনৈতিক জীৱন আৰম্ভ কৰাৰ লগতে বিভিন্ন সামাজিক কামৰ লগত জৰিত আছিল ।
ইপিনে যোৱা ২৬ জানুৱাৰী লৈ দলীয় সভাত ব্যস্ত থকা প্ৰাক্তন বিধায়িকা গৰাকীৰ হঠাৎ মৃত্যু য়ে শোক শোকস্তব্ধ কৰি তুলিছে সমষ্টিটোৰ কংগ্ৰেছ কৰ্মী সকলক। সম্প্ৰতি দেৰগাঁৱৰ নিজা বাসগৃহত মৃতদেহ ৰখা হৈছে আৰু আজি বিয়লিৰ ভাগত দেৰগাঁৱৰ ৰাজহুৱা শ্মশানত শেষকৃত সম্পন্ন কৰা হ’ব বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।