অসম

assam

ETV Bharat / state

মাজুলীৰ গৰাখহনীয়া গ্ৰস্ত অঞ্চল পৰিদৰ্শন প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

নদীদ্বীপ মাজুলীৰ গৰাখহনীয়া গ্ৰস্ত অঞ্চল পৰিদৰ্শন প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ মাজুলীৰ খহনীয়া গ্ৰস্ত অঞ্চলৰ খহনীয়া প্ৰতিৰোধৰ কামৰ অগ্ৰগতিৰ বুজ লয় মাজুলীৰ বিধায়ক গৰাকীয়ে ।

মাজুলীৰ গৰাখহনীয়া গ্ৰস্ত অঞ্চল পৰিদৰ্শন বিধায়ক সৰ্বানন্দ সোণোৱালৰ
মাজুলীৰ গৰাখহনীয়া গ্ৰস্ত অঞ্চল পৰিদৰ্শন বিধায়ক সৰ্বানন্দ সোণোৱালৰ

By

Published : May 27, 2021, 1:45 PM IST

Updated : May 27, 2021, 3:01 PM IST

মাজুলী,27 মে’:বুধবাৰে মাজুলী মিছামৰাত উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ নদীদ্বীপ মাজুলীৰ গৰাখহনীয়া গ্ৰস্ত অঞ্চল সমূহ পৰিদৰ্শন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ সৈতে উপস্থিত থাকে অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকা ৷

মাজুলীৰ গৰাখহনীয়া গ্ৰস্ত অঞ্চল পৰিদৰ্শন বিধায়ক সৰ্বানন্দ সোণোৱালৰ

প্ৰাপ্ত তথ্য অনুসৰি, প্ৰাক্তন মুখ্যমন্ত্ৰী তথা মাজুলীৰ বিধায়ক সৰ্বানন্দ সোণোৱালে মাজুলী সৈতে চাৰিটা খহনীয়া গ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে । প্ৰাক্তন মুখ্যমন্ত্ৰী তথা মাজুলীৰ বিধায়ক গৰাকীয়ে মিছামৰা, চামগুৰি আৰু ভকত চাপৰিৰ খহনীয়া গ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰাৰ লগতে সেই অঞ্চলৰ খহনীয়া প্ৰতিৰোধৰ কামৰ অগ্ৰগতিৰ বুজ লয় । সোণোৱালে শালমৰাৰ লগতে বনৰীয়া চাপৰিস্থিত APDCL ৰ সৌৰ শক্তি প্ৰকল্পও পৰিদৰ্শন কৰিব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক:মহামাৰীৰ সময়তে স্বাৱলম্বিতাৰ পথ দেখুৱালে মৰিগাঁৱৰ এজন যুৱকে

Last Updated : May 27, 2021, 3:01 PM IST

ABOUT THE AUTHOR

...view details