অসম

assam

ETV Bharat / state

তিতাবৰ নগৰ সমিতিৰ অবৈধ দোকানৰ ওপৰত উচ্ছেদ অভিযান

ফুটপাথ ওপৰত অবৈধভাৱে নিৰ্মাণ কৰা ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল জে চি বি ৷

অবৈধ দোকানৰ ওপৰত উচ্ছেদ অভিযান

By

Published : May 18, 2019, 8:14 AM IST


তিতাবৰ , 18 মে': তিতাবৰ নগৰত অবৈধভাৱে স্থাপন কৰা দোকান সমূহৰ ওপৰত এইবাৰ সৰৱ হৈ পৰিল নগৰ উন্নয়ন সমিতি ৷ শুকুৰবাৰে অবৈধ ভাৱে স্থাপন কৰা দোকান সমূহ উচ্ছেদ কৰিবলৈ উলাই আহিল তিতাবৰ নগৰ উন্নয়ন সমিতিৰ সভাপতি আৰু সদস্য সকল ৷

অবৈধ দোকানৰ ওপৰত উচ্ছেদ অভিযান
দীৰ্ঘ দিনৰ পৰা তিতাবৰ তিনি আলিৰ পৰা ধৰি চাৰি আলিৰ বিভিন্ন ঠাইৰ ফুটপাথত, নগৰ উন্নয়ন সমিতিৰ কোনো অনুমতি অবিহনে কিছু অসাধু ব্যৱসায়ীয়ে অবৈধভাৱে সৰু সৰু দোকান স্থাপন কৰি ফুটপাথত যাতায়তৰ বাবে বাধা সৃষ্টি কৰিছিল ৷ এই অবৈধ দোকান সমূহৰ পৰা পথচাৰি সকলে অসুবিধাৰ সন্মুখীন হোৱাত , নগৰ উন্নয়ন সমিতিৰ সভাপতিয়ে শুকুৰবাৰে ফুটপাথৰ ওপৰত নিৰ্মিত দোকান সমূহ উচ্ছেদ কৰে ৷

ABOUT THE AUTHOR

...view details