অসম

assam

ETV Bharat / state

হঠাত কৰ্ম-সংস্থাপনহীন হৈ পৰিল যোৰহাটৰ একাংশ লোক - দণ্ডাধীশ

পৌৰসভাই হকে বিহকে লেছীৰ হাতত তুলি দিয়া বজাৰৰ বাবেই যোৰহাট চহৰখনৰ বিভিন্ন পথৰ কাষৰ পদ-পথত ক্ষুদ্ৰ ব্যৱসায়ীৰ দোকানে চানি ধৰিছিল ৷

কৰ্ম-সংস্থাপনহীন হৈ পৰিল যোৰহাটৰ একাংশ লোক

By

Published : May 30, 2019, 4:24 PM IST

যোৰহাট , 30 মে': যোৰহাট পৌৰসভাই বৃহস্পতিবাৰে যোৰহাটৰ পদ-পথত থকা সৰু-সৰু দোকান সমূহৰ ওপৰত উচ্ছেদ অভিযান চলায় ৷ পৌৰসভাই হকে বিহকে লেছীৰ হাতত তুলি দিয়া বজাৰৰ বাবেই যোৰহাট চহৰখনৰ বিভিন্ন পথৰ কাষৰ পদ-পথত ক্ষুদ্ৰ ব্যৱসায়ীৰ দোকানে চানি ধৰিছিল ৷ যাৰ ফলত পদ-পথত খোজ কাঢ়ি যোৱা জনসাধাৰণৰ বহু সমস্যাৰ সৃষ্টি হৈছিল ৷ ইপিনে যোৰহাট পৌৰসভাৰ এই উচ্ছেদ অভিযানৰ বাবে হঠাত যোৰহাটৰ একাংশ পদ-পথৰ ক্ষুদ্ৰ ব্যৱসায়ীয়ে কৰ্ম-সংস্থাপন হেৰুৱাৰ অভিযোগ উত্থাপিত হৈছে ।

কৰ্ম-সংস্থাপনহীন হৈ পৰিল যোৰহাটৰ একাংশ লোক

তেনে সময়তে যোৰহাট জিলা প্ৰশাসনে আজি কোনোধৰণৰ লিখিত জাননী নিদিয়াকৈ হঠাত পদ-পথৰ ওপৰত থকা ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ দোকান-পোহাৰৰ ওপৰত উচ্ছেদ অভিযান চলায় বুলি অভিযোগ উত্থাপিত হয় ৷ ইয়াকে লৈ ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ উল্লেখ্য যে বছৰ বছৰ এই ক্ষুদ্ৰ ব্যৱসায়ী সকলে এনেদৰে পদ পথত দোকান দি ব্যৱসায় কৰি ঘৰ-সংসাৰ চলাই আহিছিল ৷ কিন্তু পৌৰসভাই হঠাত উচ্ছেদ অভিযান চলোৱা ফলত ব্যৱসায়ী সকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷

কিন্তু যোৰহাট জিলা প্ৰশাসনে এই অভিযোগ নস্যাৎ কৰি ব্যৱসায়ীসকলক আগতীয়া কৈ জাননী দিয়া বুলি মন্তব্য কৰে ৷ আনহাতে 2013 বৰ্ষৰ পদ-পথ আইন অনুসৰি পদ-পথ সমূহ মুকলি কৰাৰ বাবে এইদৰেই উচ্ছেদ অভিযান চলাই বুলি দণ্ডাধীশে মন্তব্য কৰে ৷ যিহেতু পদ-পথৰ ওপৰত ব্যৱসায় কৰাটো অবৈধ সেয়ে এই উচ্ছেদ অভিযানত দণ্ডাধীশে উপস্থিত থাকে বুলি তেওঁ প্ৰকাশ কৰে ৷ উল্লেখ্য যে যোৰহাট জিলা পৌৰসভাই বিভিন্ন অঞ্চলত হকে বিহকে বজাৰৰ সৃষ্টি কৰি একমাত্ৰ মুনাফাৰ বাবেই লেছীৰ হাতত, অবৈধ ভাৱে দৈনিক ধন সংগ্ৰহৰ লাইছেন্স তুলি দিয়াৰ অভিযোগ উত্থাপিত হৈছে ৷ ইপিনে আগতীয়াকৈ সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ হঠাত উচ্ছেদ কৰাক লৈ ক্ষুদ্ৰ ব্যৱসায়ী সকল ক্ষোভিত হৈ পৰিছে ৷

ABOUT THE AUTHOR

...view details