অসম

assam

ETV Bharat / state

"ভাৰতীয় জনতা পাৰ্টিৰ আঁচনি নিৰ্বাচনী টোপ নহয় "

নাগৰিকত্ব বিধেয়কে প্ৰভাৱ নেপেলায় লোকসভা নিৰ্বাচনত

TAPAN GOGOI

By

Published : Mar 28, 2019, 2:55 PM IST

যোৰহাট , 28 মাৰ্চঃকংগ্ৰেছেহে নিৰ্বাচনৰ বাবে কাম কৰে, বিজেপিয়ে জনসাধাৰণৰ উন্নয়নৰ বাবেহে কাম কৰে । এই মন্তব্য যোৰহাট লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ । বিজেপিৰ চৰকাৰখনে হাতত লোৱা অভিলাষী আঁচনিসমূহে বিজেপিৰ জয়ত সহায় কৰিব বুলি প্ৰকাশ কৰে প্ৰাৰ্থীগৰাকীয়ে ।

নাগৰিকত্ব বিধেয়কে প্ৰভাৱ নেপেলায় লোকসভা নিৰ্বাচনত
প্ৰাৰ্থী গৰাকীয়ে লগতে প্ৰকাশ কৰে যে অসমৰ উন্নয়নেই তেওঁৰ প্ৰধান লক্ষ্য হ'ব । ভাৰতবৰ্ষৰ ৰাজ্যসমূহৰ শীৰ্ষ দহখন ৰাজ্যৰ তালিকাত অসমক অন্তৰ্ভূক্ত কৰিবলৈ সৰ্বানন্দ সোণোৱাল চৰকাৰখনে প্ৰচেষ্টা অব্যাহত ৰাখিব বুলি প্ৰাৰ্থী গৰাকীয়ে মন্তব্য আগবঢ়াই । ভাৰতীয় জনতা পাৰ্টিয়ে জনসাধাৰণৰ উন্নয়নৰ বাবে হাতত লোৱা আঁচনি কোনো নিৰ্বাচনী টোপ নহয়,নিৰ্বাচনৰ পাচতো আঁচনি সমূহ কাৰ্যকৰী হৈ থাকিব বুলি প্ৰাৰ্থী গৰাকীয়ে মন্তব্য আগবঢ়াই ।


Etv Bharat ৰ সৈতে হোৱা বিশেষ কথোপকথনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ নেতৃত্বত চৰকাৰখনে কম সময়ৰ ভিতৰতে ৰাইজৰ যিমান উন্নয়ন মূলক আঁচনি ৰূপায়ন কৰি কংগ্ৰেছে বিগত 70 বছৰেও কৰিব নোৱাৰিলে বুলিও প্ৰাৰ্থীগৰাকীয়ে মন্তব্য কৰে ।

ABOUT THE AUTHOR

...view details