অসম

assam

By

Published : Nov 1, 2022, 7:05 PM IST

ETV Bharat / state

Students Suicide in Jorhat: যোৰহাটৰ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানত ছাত্ৰীৰ আত্মহত্যা

যোৰহাটৰ অগ্ৰণী কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান প্ৰিঞ্চ অব্ ৱেলছৰ ছাত্ৰীৰ আত্মহত্যা ৷ নিজৰ কোঠাত চিপ লৈ আত্মহত্যা কৰে মেধাৱী ছাত্ৰীগৰাকীয়ে(Students Suicide in Jorhat) ৷

Students Suicide in Jorhat
যোৰহাটৰ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানত ছাত্ৰীৰ আত্মহত্যা

যোৰহাট, 1 নৱেম্বৰ : নতুন প্ৰজন্মৰ মাজত বৃদ্ধি পাইছে আত্মহত্যাৰ প্ৰৱণতা ৷ ৰাজ্যৰ বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠনতো সঘনে দেখা গৈছে ছাত্ৰ-ছাত্ৰীৰ আত্মহত্যাৰ ঘটনা ৷ এইবাৰ যোৰহাটৰ অগ্ৰণী কাৰিকৰী শিক্ষানুষ্ঠান প্ৰিঞ্চ অব্ ৱেলছৰ ছাত্ৰীয়ে বাচি ল’লে জীৱনৰ চৰম পন্থা (Students Suicide in Jorhat)।

যোৰহাটৰ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানত ছাত্ৰীৰ আত্মহত্যা

কাৰিকৰী বিভাগত অধ্যয়নৰত প্ৰথম বৰ্ষৰ ছাত্ৰী পৰিস্মীতা সোণোৱালে ভাড়াঘৰৰ শোৱনী কোঠাত চিপ লৈ আত্মহত্যা কৰে । অনিতা পি জি নামৰ ব্যক্তিগত গৃহত মেধাৱী শিক্ষাৰ্থীগৰাকীয়ে আত্মহত্যাৰ ঘটনা সংঘটিত কৰে ৷

অটোমোবাইল বিভাগত অধ্যয়নৰত ছাত্ৰীগৰাকীৰ ঘৰ ডিব্ৰুগড়ৰ নামৰূপত বুলি জানিব পৰা গৈছে । পৰিস্মীতা সোণোৱাল নামৰ ছাত্ৰীগৰাকীয়ে কি পৰিস্থিতিৰ বাবে এই চৰম সিদ্ধান্ত ল’লে জানিব পৰা হোৱা নাই । উল্লেখ্য যে মঙলবাৰে ছাত্ৰীগৰাকীয়ে সহপাঠীৰ লগত শিক্ষা প্ৰতিষ্ঠান প্ৰিঞ্চ অব্ ওৱেলচলৈ(Prince of Wales Institute of Engineering and Technology) ওলাই গৈ শ্ৰেণীকোঠাত প্ৰৱেশ কৰিছিল আৰু শ্ৰেণীকোঠাৰ পৰা আন সহপাঠীতকৈ আগতেই শ্ৰেণীকোঠা ত্যাগ কৰিছিল ৷ ইয়াৰ পাছতে মেধাবী ছাত্ৰী পৰিস্মীতা সোণোৱালে ভাড়াঘৰৰ কোঠাত প্ৰৱেশ কৰে ।

কোঠাত ভিতৰৰ পৰা দুৱাৰ বন্ধ কৰি ছাত্ৰীগৰাকী বহু সময়লৈকে বাহিৰলৈ ওলাই নহাত সহপাঠীসকলে ভাড়াঘৰৰ মালিকক বিষয়টো অৱগত কৰোৱায় ৷ পৰৱৰ্তী সময়ত ভাড়াঘৰটোৰ স্বত্বাধিকাৰীয়ে আৰক্ষীক খবৰ দিয়াৰ পাছতে দুৱাৰ ভাঙি আৰক্ষীয়ে চিপ লৈ থকা অৱস্থাত ছাত্ৰীগৰাকীক প্ৰত্যক্ষ কৰে ৷

ইতিমধ্যে ঘটনাস্থলীত দণ্ডাধীশৰ উপস্থিতত আৰক্ষীয়ে উক্ত আত্মহত্যা ঘটনাৰ তদন্ত আৰম্ভ কৰিছে । কি পৰিস্থিতিত অটোমোবাইল বিভাগত অধ্যয়নৰত ছাত্ৰীগৰাকীয়ে আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে সেয়া এই পৰ্যন্ত স্পষ্ট হোৱা নাই ৷ ইতিমধ্যে আৰক্ষীয়ে উক্ত ঘটনা সম্পৰ্কত ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকক অৱগত কৰোৱাইছে ।

আনহাতে মঙলবাৰৰ দিনটোতে যোৰহাটৰ ফাঁচী আলিতো গুপ্তা উপাধি এজন লোকে আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত গ্ৰহণ কৰে (Suicide at Fasiali in Jorhat)। জিলাখনত এটা দিনত সংঘটিত দুটাকৈ আত্মহত্যাৰ ঘটনাই সচেতন মহলক জোকাৰি গৈছে ।

লগতে পঢ়ক :Parents killed son: এনে পুত্ৰ হোৱাতকৈ নোহোৱাই ভাল: পিতৃ-মাতৃয়ে হত্যা কৰিলে পুত্ৰক

ABOUT THE AUTHOR

...view details