অসম

assam

ETV Bharat / state

CAA বিৰোধী আন্দোলনৰ প্ৰভাৱত উকা ৰাজ্যৰ বনভোজস্থলী

বছৰটিক আদৰিবলৈ ৰাজ্যবাসীৰ মাজত নাই কোনো উৎসাহ-উদ্দীপনা ৷ যোৰহাটতো পৰিলক্ষিত নহ’ল নতুনক আদৰাৰ প্ৰস্তুতি ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে ৰাজ্যত গা কৰি উঠা আন্দোলনৰ প্ৰভাৱতে সৃষ্টি হৈছে এই পৰিৱেশৰ ৷

নাগৰিকত্ব সংশোধনী আইনৰ প্ৰভাৱ
উকা ৰাজ্যৰ বনভোজস্থলী

By

Published : Dec 27, 2019, 8:45 PM IST

যোৰহাট,27 ডিচেম্বৰঃপুৰণি বছৰক বিদায় দিবলৈ মাজত মাথোঁ কেইটামান দিন বাকী ৷ কিন্তু ইংৰাজী নৱবৰ্ষৰ প্ৰাকক্ষণত বছৰটিক আদৰিবলৈ ৰাজ্যবাসীৰ মাজত নাই কোনো উৎসাহ-উদ্দীপনা ৷ ৰাজ্যৰ শেহতীয়া পৰিস্থিতিয়ে বাকৰুদ্ধ কৰি গৈছে ৰাজ্যবাসীক ৷ সমান্তৰালকৈ যোৰহাটতো পৰিলক্ষিত নহ’ল নতুনক আদৰাৰ প্ৰস্তুতি ৷

শীতৰ সময়ছোৱাত আয়োজন চলা দেখা যায় বনভোজৰ ৷ কিন্তু নিজম হৈ থকা দেখা গৈছে যোৰহাটৰ বনভোজস্থলীসমূহ । নিমাটিঘাটতো একেই পৰিৱেশ দেখা গৈছে ৷ সৰ্বত্ৰে নাগৰিকত্ব সংশোধনী আইনৰ প্ৰভাৱ পৰাৰ বাবে এই পৰিৱেশৰ সৃষ্টি হয় ৷ যোৰহাটৰ নিমাটিঘাট,ককিলামুখ,বাঘমৰা চাপৰিৰ লগতে টিয়কৰ জাঁজীমুখত সম্প্ৰতি নিমাওমাও পৰিৱেশে বিৰাজ কৰিছে । সেয়ে ইয়াৰ লগত জড়িত স্থানীয় ব্যৱসায়ীসকলেও ব্যৱসায় মন্দা বুলি স্বীকাৰ কৰিছে ৷

শূন্য যোৰহাটৰ বনভোজস্থলীসমূহ

সাধাৰণতে অসমীয়া জাতি উৎসৱ প্ৰিয় ৷ কিন্তু বৰ্তমান সময়ত দায়বদ্ধতাৰ নিৰ্দশন দাঙি ধৰিছে ৰাজ্যবাসীয়ে । ৰাজ্যত নাগৰিকত্ব সংশোধনী আইনক কেন্দ্ৰ কৰি প্ৰতিবাদ অব্যাহত আছে । কোনো কাৰণতে এই আইনক গ্ৰহণ নকৰাৰ কথা স্পষ্ট কৰিছে সকলোস্তৰৰ লোকে ৷

লগতে চাওকঃচোৰৰ মতিভ্ৰম:বাটত পেলাই থৈ গ'ল লুটি নিয়া ধন

ABOUT THE AUTHOR

...view details