প্ৰতিষ্ঠানৰ বিৰুদ্ধে ক্ষোভ বেতন বঞ্চিত কৰ্মচাৰীৰ টীয়ক, 17 মে’ : বহিৰাগত কোম্পানীত নিয়োজিত চাৰিজন কৰ্মচাৰীয়ে নিজৰ প্ৰাপ্য আদায় নোপোৱাত ক্ষোভিত হৈ কোম্পানীটোৰ টীয়কস্থিত গুডাম ঘৰ বন্ধ কৰি দিয়াৰ ভাবুকি প্ৰদান কৰিছে । উল্লেখযোগ্য যে, 2018 চনৰ 21 এপ্ৰিলৰ দিনা টীয়কত ষ্টাৰ্লিং এণ্ড উইলছন নামৰ এক বিদ্যুৎ সংযোগী কামৰ সৈতে জড়িত এক কোম্পানীৰ কাম চোৱা-চিতাৰ বাবে এছ এন আই বি নামৰ এক ছিকিউৰিটি প্ৰতিষ্ঠানত যোগদান কৰিছিল চাৰি যুৱকে (Deprived employees protest at Teok) ৷
কিন্তু বৰ্তমান চাৰিজনকৈ যুৱকক নিজ প্ৰাপ্য প্ৰদানৰ ক্ষেত্ৰত হেমাহি কৰাক লৈ এতিয়া বিপাঙত পৰিছে কৰ্মচাৰীকেইজন । প্ৰায় পাঁচ মাহে প্ৰাপ্য ধন বিচাৰি কোম্পানীৰ উৰ্ধতন কৰ্তৃপক্ষক যুৱককেইজনে অনুৰোধ কৰি আহিছে যদিও কোম্পানীৰ কৰ্মচাৰীসকলে ইজনে সিজনক দোষাৰোপ কৰি দায় সৰা মন্তব্য আগবঢ়াই আছে বুলি অভিযোগ তুলিছে ভুক্তভোগী যুৱকৰ দলটোৱে ৷ দৰমহা লাভ নকৰাৰ ফলত এতিয়া নিৰুপায় যুৱককেইজনে পৰিয়াল পোহপাল দিয়াৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে (No salary issue ।
আনকি বিহুৰ সময়তো বেতন লাভ নকৰাত আৰু বেতন বিচৰাত ষ্টাৰ্লিং এণ্ড উইলছন নামৰ বহিৰাগত কোম্পানীটোৰ এগৰাকী কৰ্মচাৰীয়ে যুৱককেইজনক তাচ্চিল্য কৰাৰ লগতে ওলোটাই যুৱককেইজনৰ ওপৰতহে গুডামৰ পৰা সামগ্ৰী চোৰ হোৱা বুলি টীয়ক আৰক্ষী থানাত এজাহাৰ দাখিল কৰে বুলি জানিবলৈ দিয়ে লোককেইজনে । ইপিনে গুডামৰ নামত এটা পৰিত্যক্ত বাঁহৰ ঘৰত যুৱককেইজনে কাম কৰিবলগীয়া হৈছে বুলি কয় (Emplyoees anger against unpaid salary) ।
ক্ষোভিত কৰ্মচাৰীকেইজনে অনতিপলমে প্ৰাপ্য ধন আদায় দিবলৈ কোম্পানীটোৰ ওচৰত দাবী জনায়, অন্যথা কাম বন্ধ কৰি দিবলৈ দাবী জনায় ৷ ইফালে, সমগ্ৰ ঘটনা সন্দৰ্ভত অৱগত হৈ কোম্পানীটোৰ কৰ্ম-কাণ্ডত ক্ষোভ ব্যক্ত কৰে স্থানীয় সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে ৷ কোম্পানীটোক তীব্ৰ গৰিহণা প্ৰদান কৰি নিৱনুৱা যুৱককেইজনৰ প্ৰাপ্য সমুদায় ধনৰাশি আদায় দিবলৈ দাবী জনায় ছাত্ৰ সংগঠনটোৱে ।
লগতে পঢ়ক :Conflict over land: সহোদৰতকৈ যেতিয়া আপোন হয় মাটি-ভেটি; ভগ্নীয়ে মৃত সজালে ভগ্নীক