অসম

assam

ETV Bharat / state

ৰেলৰ খুন্দাত বন্যহস্তীৰ মৃত্যু

মৰিয়নীৰ ধপাত বাৰীত ফৰকাটিং পৰা ডিব্ৰুগড় অভিমুখে গৈ থকা টুইন ইঞ্জিনৰ খুন্দাত মৃত্যু বন্যহস্তীৰ । ৰেলৰ নিয়ন্ত্ৰণৰ বাবে কোনো ধৰণৰ ব্যৱস্থা নকৰাৰ অভিযোগ ৰেল বিভাগৰ বিৰুদ্ধে ৷

By

Published : Nov 25, 2020, 11:08 AM IST

elephant
elephant

যোৰহাট, 25 নৱেম্বৰ :ৰেলৰ খুন্দাত মৃত্যু এটা বন্যহস্তীৰ । মৰিয়নীৰ ধপাত বাৰীত ফৰকাটিং পৰা ডিব্ৰুগড় অভিমুখে গৈ থকা টুইন ইঞ্জিনৰ খুন্দাত মৃত্যু হয় হাতী পোৱালীটোৰ । তীব্ৰ গতিৰে আহি থকা ১২৯০১ আৰু ৭০৪৮৮ নম্বৰৰ ইঞ্জিন দুটাই খুন্দা মাৰে হাতী পোৱালিটোক ৷ পথৰ দাঁতিত পৰি থকা হাতী পোৱালিটোৰ কাষত আছে মাক ৷

ৰেলৰ খুন্দাত বন্যহস্তীৰ মৃত্যু
ৰেল বিভাগৰ বিৰুদ্ধে স্থানীয় ৰাইজ আৰু বনবিভাগৰ ক্ষোভ ব্যক্ত কৰিছে সেই স্থানত ৷ ৰেলৰ নিয়ন্ত্ৰণৰ বাবে কোনো ধৰণৰ ব্যৱস্থা নকৰাৰ অভিযোগ ৰেল বিভাগৰ বিৰুদ্ধে ৷ বিগত কিছু বছৰ ধৰি এনেদৰে হাতী মৃত্যু ঘটি আহিছে ৷ গোলাঘাট আৰু যোৰহাটৰ বিভিন্ন স্থানত বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত চলি আছে ৷ হাতীৰ আক্ৰমণত ধন-জন হানি হোৱাৰ খবৰ সংবাদ মাধ্যমত প্ৰচাৰ হৈ আহিছে ৷ ইয়াৰ মাজতে বহু কেইটা বন্যহস্তীও মৃত্যুমুখত পৰিছে সেই অঞ্চল সমূহত ৷

ABOUT THE AUTHOR

...view details