মৰিয়নি,৩ নৱেম্বৰ:ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Man Elephant Conflict in Assam) ৷ নিতৌ হাতীৰ আক্ৰমণত কোনোবা নহয় কোনোবা এখন জিলাত এজন লোকে হ'লেও প্ৰাণ হেৰুৱাইছে । বন্যহস্তীয়ে ক'ৰবাত যদি ঘৰ ভাঙিছে, আন ক'ৰবাত আকৌ খেতিপথাৰত বিস্তৰ ক্ষতিসাধন কৰিছে । খেতিপথাৰ তহিলং কৰাত খেতিয়কে মূৰে-কপালে হাত দিবলগীয়া অৱস্থাৰো সৃষ্টি হৈছে । মৰিয়নিতো এনে এক পৰিস্থিতিৰ সৃষ্টি হৈছে ।
মৰিয়ণি সমষ্টিৰ ভিন্ন প্ৰান্তত পকা ধানৰ গোন্ধত গিৱন অভয়াৰণ্য়ৰ (Gibbon Sanctuary) পৰা জাকে জাকে বন্যহস্তী ওলাই আহি খেতিপথাৰ নষ্টৰ কৰিছে । হাতীয়ে মানুহৰ ঘৰ-দুৱাৰো ভাঙি তহিলং কৰিছে । ফলত ভুক্তভোগী পৰিয়াল সমূহলৈ ঘোৰ অমানিশা নামি আহিছে (Elephant terror at Mariani)।
জানিব পৰা মতে, এই বন্যহস্তীৰ জাকটোৱে মৰিয়ণিৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত মৰিয়ণিৰ দাঁতিকাষৰীয়া অঞ্চলত বছৰ বছৰ ধৰি উপদ্ৰৱ চলাই আহিছে । যোৱা নিশা মৰিয়ণিৰ পুখুৰীয়া গাঁৱত আঠটাকৈ বাসগৃহ ভাঙি তচনচ কৰে । নিশাৰ হাতীৰ উপদ্ৰৱৰ সময়ত ঘৰতে আৱদ্ধ হৈ থকা চুছেন গগৈৰ পৰিয়ালৰ লোকসকলৰ কথমপি প্ৰাণ ৰক্ষাৰ পৰে । নিশা নিদ্ৰাৰত অৱস্থাত হাতীৰ জাকটোৱে আক্ৰমণ কৰাৰ ফলত দিকবিদিক হেৰুৱাই পেলাইছে উক্ত গাঁওখনৰ ৰাইজে ।