অসম

assam

ETV Bharat / state

ৰাজ্যজুৰি অব্যাহত হাতী-মানুহৰ সংঘাত: টীয়কত এজনৰ মৃত্যু

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে হাতী মানুহৰ সংঘাত,গোলাঘাট,তিনিচুকীয়া জিলাৰ ধলাৰ দীঘল মেচাকী গাঁৱ,টীয়কৰ মেলেং চাহ বাগিচাতো হাতী-মানুহৰ সংঘাত হোৱাৰ কথা জানিব পৰা গৈছে ৷

elephant-conflct-at-various-places-of-assam
ৰাজ্যজুৰি অব্যাহত হাতী-মানুহৰ সংঘাত: টীয়কত এজনৰ মৃত্যু

By

Published : Nov 30, 2019, 4:27 PM IST

নিউজ ডেস্ক, 30 নৱেম্বৰ: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গোলাঘাটতো অব্যাহত আছে হাতী মানুহৰ সংঘাত ৷ সম্প্ৰতি জিলাখনৰ বিভিন্ন চাহ বাগিচা,আৱাসিক এলেকা আৰু ধাননি পথাৰত জাকে জাকে বন্যহস্তী সোমাই বিস্তৰ ক্ষতিসাধন কৰে ৷ ইপিনে লেটেকুজান চাহ বাগিচাতো শুকুৰবাৰে নিশা আশ্ৰয় লয় এক বৃহৎ বন্যহস্তীৰ জাকে। বনাঞ্চলৰ পৰা হঠাতে নামি অহা হাতীৰ জাকটোক দেখি স্বাভাৱিকতে আতংকিত হৈ পৰে গাঁওবাসী ৷ তদুপৰি হাতীৰ জাকটোৰ বাবে অঞ্চলটোত ত্ৰাসৰ সৃষ্টি হৈছে। যাৰ বাবে বাগিচাখনৰ শ্ৰমিকসকলে দিনৰ ভাগতো কাম কৰিবলৈ অনীহা প্ৰকাশ কৰিছে। হাতীৰ জাকটোৱে নিশাৰ ভাগত নিকটৱৰ্তী বকিয়াল,ৰংবং আদি গাঁওসমূহত প্ৰৱেশ কৰি শস্য তহিলং কৰাৰো খবৰ পোৱা গৈছে ৷ হাতীৰ জাকটোৱে কৃষি ভূমি নষ্ট কৰাৰ লগতে ভাঙি তহিলং কৰিছে মানুহৰ ঘৰ-দুৱাৰ। বাগিচাৰ লোকসকলে হাতীৰ জাকটোক খেদিবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও সফল হোৱা নাই। এইদৰে হাতী-মানুহৰ সংঘাতে গোলাঘাটত গুৰুতৰ ৰূপ ধাৰণ কৰিছে। ইয়াৰ পিছতো বনবিভাগে সংঘাত ৰোধৰ বাবে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই।

ৰাজ্যজুৰি অব্যাহত হাতী-মানুহৰ সংঘাত: টীয়কত এজনৰ মৃত্যু

আনহাতে তিনিচুকীয়া জিলাৰ ধলাৰ দীঘল মেচাকী গাঁৱতো বন্যহস্তীৰ সন্ত্ৰাস দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে। ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত মেচাকী আৰু হাঁহখাটী বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ অহা বন্যহস্তীৰ জাকে নিদ্ৰা হৰিছে অঞ্চলবাসীৰ। নিতৌ নিশা বন্যহস্তীৰ উপদ্ৰৱে জনসাধাৰণক আতংকিত কৰি তুলিছে ৷ বনবিভাগ তথা প্ৰশাসনক বাৰম্বাৰ জনাই অহাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ।

ৰাজ্যজুৰি অব্যাহত হাতী-মানুহৰ সংঘাত: টীয়কত এজনৰ মৃত্যু

ইফালে টীয়কৰমেলেং চাহ বাগিচাতো হাতী-মানুহৰ সংঘাত হোৱাৰ কথা জানিব পৰা গৈছে । পুৱতি নিশা বন্যহস্তীৰ আক্ৰমণত নিহত হয় দামু প্ৰধান নামৰ এজন লোক। লোকজনে নিশা শুই থকা অৱস্থাত ঘৰৰ ভিতৰত হাতীয়ে গচকি হত্যা কৰে ৷ পঞ্চাশোৰ্ধৰ ব্যক্তিজনৰ মৃত্যুত এতিয়া সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পৰিছে । তদুপৰি ভীতিগ্ৰস্ত হৈ পৰিছে অঞ্চলবাসী। ইতিমধ্যে বনবিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে।

ৰাজ্যজুৰি অব্যাহত হাতী-মানুহৰ সংঘাত: টীয়কত এজনৰ মৃত্যু

লগতে চাওক:ছচিয়েল মিডিয়াৰ এটা ভাল খবৰ

ABOUT THE AUTHOR

...view details