টীয়ক, 11 ছেপ্টেম্বৰ : 24 ঘণ্টাই বিজুলী ব্যৱস্থাৰ লগতে অনেক প্ৰতিশ্ৰুতিৰে শাসনৰ বাঘজৰী লোৱা বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ প্ৰতিশ্ৰুতি ধোঁৱাচাঙত উঠিল। এতিয়া বিদ্যুৎ বিভাগ বুলিলেই ইটোৰ পিচত সিটোকৈ অভিযোগ ৷ এদিন বোলে লোডশ্বেডিং, অন্য এদিন বিদ্যুতৰ বিলৰ নামত জোলোকা জোলোকে পানী খুৱাইছে সাধাৰণ জনতাক ৷ এইবাৰ বিদ্যুতৰ বিলৰ নামত দৰিদ্ৰ জনতাক মানসিক হাৰাশাস্তি দিয়াৰ ঘটনা সংঘটিত হৈছে টীয়কত। দুটা পৰিয়ালৰ এমাহৰ বিদুতৰ বিল শুনিলে আপোনাৰো চকু কঁপালত উঠিব ৷
টীয়ক বিদ্যুত উপসংমণ্ডলৰ অধীনস্থ বলমা টঙানি গাঁৱৰ টংকেশ্বৰ বৰফুকন আৰু ৰুলি শইকীয়াৰ পৰিয়াল দুটালৈ এই মাহৰ বিদ্যুতৰ বিল আহিছে ক্ৰমে পঞ্চাশ হাজাৰ আৰু পাঁচ লাখ একছল্লিছ হাজাৰ টকা। ইফালে গাঁওখনৰ প্ৰায় 10 টা পৰিয়ালৰ বিল আহিছে 425 টকাকৈ। ফলত পৰিয়াল দুটাৰ চলিত মাহৰ বিদ্যুতৰ বিল দেখি ভয়তে পেটত হাত ভৰি লুকাইছে ৷ কেনেকৈ পৰিশোধ কৰিব এই বৃহৎ পৰিমাণৰ বিদ্যুতৰ মাচুল ?