বটদ্ৰৱা, 25 মে': আজি পৱিত্ৰ ঈদ উল ফিটৰ ৷ দেশৰ লগতে ৰাজ্যজুৰি লক ডাউনৰ নিয়ম মানি পালন কৰা হৈছে পৱিত্ৰ ঈদ ৷ কিন্তু এই দিনটোত ৰাজ্যৰ বিভিন্ন কোৱাৰেন্টাইন কেন্দ্ৰ সমুহত আৱদ্ধ হৈ আছে বহু ইছালাম ধৰ্মাৱলম্বী লোক ৷ যাৰ বাবে ঈদৰ আনন্দৰ পৰা বঞ্চিত হব লগীয়া হৈছে সেই সকল লোক ৷ কিন্তু ইয়াৰ বিপৰীতে বটদ্ৰৱাৰ শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ কোৱেনটাইন কেন্দ্ৰত দেখা গল ইয়াৰ বিপৰীত ছবি ৷ জিলা প্ৰশাসনৰ সহযোগত উক্ত কেন্দ্ৰটোত থকা 58 জন লোকক বিভিন্ন সুস্বাদু খাদ্য সামগ্ৰীৰ লগতে ফল মূলযোগান ধৰে বিধায়িকা আঙুৰলতা ডেকাই ৷ ঈদ উপলক্ষে বিধায়িকা গৰাকীয়ে কোৱাৰেণ্টাইন কেন্দ্ৰটোত থকা লোক সকলৰ প্ৰতি দেখুৱা এনে ভূমিকাক প্ৰসংশা কৰিছে সকলোৱে ৷
আজি পৱিত্ৰ ঈদ উল ফিটৰঃ ৰাজ্যজুৰি অনুষ্টুপীয়াকৈ পালন ঈদ - Eid al-Fitr celebration at Assam
15:27 May 25
ঈদ উপলক্ষে বটদ্ৰৱাৰ কোৱাৰেণ্টাইন কেন্দ্ৰত সুস্বাদু খাদ্য বিতৰণ বিধায়িকা আঙুৰলতা ডেকাৰ
15:27 May 25
দেশবাসীলৈ ঈদৰ শুভেচ্ছা জনালে বিধায়ক আনোৱাৰ হুছেইন লস্কৰে
হাইলাকান্দি, 25 মে': পৱিত্ৰ ঈদৰ দিনটোত আন সমুহ জিলাৰ দৰে হাইলাকান্দি জিলাটো নাই ঈদৰ উচাহ উদ্দীপনা ৷ ঈদগাহত সমূহীয়া নামাজ আদায় কৰাৰ বিপৰীতে ঘৰতে থাকি পৰিয়ালৰ মাজতে নামাজ আদায় কৰিছে হাইলাকান্দি বাসী ৰাইজে ৷ মছজিদ, ঈদগাহ লকলোতে দেখা গৈছে কেৱল তলাবন্ধৰ দৃশ্য ৷ ইয়াৰ মাজতে ঘৰতে নামাজ আদায় কৰি দেশবাসীলৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছে হাইলাকান্দিৰ বিধায়ক আনোৱাৰ হুছেইন লস্কৰে ৷ সকলোকে চৰকাৰী লক ডাউনৰ নিয়ম মানি ঘৰতে থাকি ঈদ পালন কৰিবলৈ আহ্বান জনাইছে বিধায়ক জনে ৷
15:26 May 25
ঘৰতে থাকি ঈদৰ নামাজ আদায় কৰিলে মহানগৰী বাসীয়ে
গুৱাহাটী, 25 মে': আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ ঈদ-উল-ফিটৰ ৷ কিন্তু কৰ'ণা ভাইৰাছৰ আতংকৰ বাবে এইবাৰ পূৰ্বৰ দৰে নাই ঈদৰ উছাহ-উদ্দীপনা ৷ ঘৰতে থাকি সকলোৱে আদায় কৰিছে ঈদৰ নামাজ ৷ চৰকাৰী নিৰ্দেশ মানি দেশৰ লগতে মহানগৰবাসীয়েও ঘৰতে পালন কৰিছে ধৰ্মীয় ৰীতি-নীতি ৷ বিজেপি নেতা তথা সংখ্যালঘু উন্নয়ন বোৰ্ডৰ অধ্যক্ষ চৈয়দ মমিনুল আৱালে ঘৰতে আদায় কৰি ঈদৰ নামাজ ৷ সামাজিক দূৰত্ব আৰু চৰকাৰী নীতি নিৰ্দেশনা মানি পৰিয়ালৰ চাৰিজন সদস্যৰে নামাজ সম্পন্ন কৰে আৱালে ৷ বিশ্বৰ লগতে ভাৰততো ত্ৰাসৰ সৃষ্টি কৰা মহামাৰী কৰ'ণা যাতে সোলকালে শেষ হৈ পূৰ্বৰ সুখ-শান্তিৰ পৰিৱেশ ঘূৰি আহে, আল্লাহৰ ওচৰত তাৰে কামনা কৰিছে প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকে ৷
13:23 May 25
কাকজান ঈদগাহত নাই ঈদৰ সমুহীয়া নমাজৰ উচাহ
টিয়ক, 25 মে': পৱিত্ৰ ঈদৰ দিনটোত টীয়কৰ কাকজান ঈদগাহত নাই ঈদৰ সমুহীয়া নমাজৰ উচাহ ৷ চৰকাৰী নীতি নিয়মৰ প্ৰতি সহাৰি জনাই কাকজান ঈদগাহ পৰিচালনা সমিতিয়ে এইবাৰ সমুহীয়া নমাজ বাতিল কৰাত নিমাওমাও পৰিৱেশে বিৰাজ কৰিছে কাকজান ঈদগাহ ময়দানত ৷ সকলোকে ঘৰতে থাকি চৰকাৰী নিয়ম মানি ঈদ পালন কৰিবলৈ আহ্বান জনাইছে কাকজান ঈদগাহ কমিটিয়ে ৷ লগতে সমুহ দেশবাসীলৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছে কাকজান ঈদগাহ কমিটিয়ে ৷
13:22 May 25
কৰ'ণাৰ সন্ত্ৰাস নাশৰ দোৱাৰে ঈদৰ নামাজ আদায় নলবাৰীৰ এটা পৰিয়ালৰ
নলবাৰী, 25 মে': ৰাজ্যৰ আনসমুহ জিলাৰ দৰে নলবাৰীতো অনুষ্টুপীয়াকৈ পালন কৰা হৈছে প্ৰবিত্ৰ ঈদ উল ফিটৰ ৷ মাৰাত্মক কৰ'ণা ভাইৰাছৰ আতংক আৰু চতুৰ্থ পৰ্যায়ৰ লক ডাউনৰ বাবে নলবাৰীতে বাতিল কৰা হৈছে ঈদৰ সমূহীয়া নামাজ ৷ ইয়াৰ বিপৰীতে চৰকাৰীভাৱে জনোৱা আহ্বানক সহাৰি জনাই নলবাৰী ইছলাম চুবুৰীৰ এটা পৰিয়ালে ঘৰতে আদায় কৰিলে ঈদৰ নামাজ ৷ মুখত মাস্ক আৰু সামাজিক দূৰত্ব বজাই ৰাখি পৰিয়ালটোৰ লোক সকলে ঘৰৰ ভিতৰতে অংশ ললে ঈদৰ নামাজত ৷ কৰ'ণাৰ সন্ত্ৰাসৰ পৰা শীঘ্ৰেই বিশ্ববাসী মুক্ত হোৱাৰ বাবে আল্লাৰ ওচৰত দোৱা কৰিলে পৰিয়ালটোৱে ৷ লগতে জিলাখনৰ বিভিন্ন পৰিয়ালে ঘৰতে বহি পৰিৱেশন কৰিছে জিকিৰ ৷
13:21 May 25
ঈদৰ শুভেচ্ছাৰে জিকিৰ পৰিৱেশন গোলাঘাটৰ এটা পৰিয়ালৰ
গোলাঘাট, 25 মে': আজি পৱিত্ৰ ঈদ উল ফিটৰ ৷ পৱিত্ৰ ৰমজান মাহৰ অন্তত আজি ইছলাম ধৰ্মাৱলম্বী লোক সকলে উদযাপন কৰিছে ঈদ ৷ কৰ'ণা ভাইৰাছৰ সন্ত্ৰাসৰ বাবে চৰকাৰে জনোৱা আহ্বানৰ প্ৰতি সহাৰি জনাই সকলোতে বাতিল কৰা হৈছে ঈদৰ সমূহীয়া নামাজ ৷ যাৰ বাবে চৰকাৰৰ নিৰ্দেশক সন্মান জনাই এইবাৰ পৱিত্ৰ ঈদ ঘৰতে পালন কৰিছে গোলাঘাটৰ ইছলাম ধৰ্মী লোকসকল ৷ ইয়াৰ মাজতে ঘৰতে বহি দেশৰ মংগলৰ নিমিত্তে জিকিৰ পৰিৱেশন কৰিছে গোলাঘাটৰ শান্তিপুৰৰ নিবাসী চামছুদ্দিন আলিৰ পৰিয়ালে ৷ চামছুদ্দিনৰ পৰিয়ালৰ লগতে জিকিৰ পৰিৱেশন কৰিছে মনোজ পেগু নামৰ এজন হিন্দু যুৱকে ৷
11:38 May 25
আজি পৱিত্ৰ ঈদ উল ফিটৰ । সমগ্র দেশৰ লগতে যোৰহাটতো পালন কৰা হৈছে ঈদ ৷
যোৰহাট, 25 মে': আজি পৱিত্ৰ ঈদ উল ফিটৰ ৷ সমগ্ৰ দেশৰ লগতে যোৰহাটতো পালন কৰা হৈছে ঈদ ৷ মাহ যোৰা কঠোৰ ধৰ্মীয় নীতি নিয়ম পালন কৰাৰ শেষত আজি ইছলাম ধৰ্মী লোক সকলে পালন কৰিছে পৱিত্ৰ ঈদ ৷ কিন্তু গতানুগতিক ঈদৰ দৰে এইবাৰ নাই ঈদৰ সমুহীয়া নামাজ ৷ কাৰণ দেশজুৰি অব্যাহত থকা কৰ'ণাৰ সন্ত্ৰাসৰ বাবে আন জিলাৰ লগতে যোৰহাটতো ঈদৰ সমুহীয়া নামাজ বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যোৰহাট ঈদগাহ পৰিচালনা কমিটিয়ে ৷ যাৰ বাবে এতিয়া নিজম,নিতাল পৰিৱেশে বিৰাজ কৰিছে যোৰহাটৰ ঈদগাহত ৷ পৰিচালনা কমিটিৰ মাত্ৰ 6 জন বিষয় ববীয়াই সামাজিক দূৰত্ব মানি মাথো আনুষ্ঠানিকভাৱে নামাজ পঢ়ে যোৰহাট ঈদগাহত ৷
লগতে পঢ়কঃ আজি পবিত্ৰ ঈদ: বিভিন্নজনৰ শুভেচ্ছা জ্ঞাপন