যোৰহাট , 9 মাৰ্চ : পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তিত হোৱা দুৰ্নীতিৰ প্ৰতিবাদত মন্ত্ৰী নৱ কুমাৰ দলেৰ পুত্তলিকা দাহ ৷ নিযুক্তি সন্দৰ্ভত চি বি আইৰ তদন্তৰ দাবী ছাত্ৰ-মুক্তি সংগ্ৰাম সমিতিৰ ৷
টিয়কত গ্ৰামোন্নয়ন মন্ত্ৰীৰ পুত্তলিকা দাহ - Effigy burns
নিযুক্তি সন্দৰ্ভত চি বি আই তদন্তৰ দাবী
![টিয়কত গ্ৰামোন্নয়ন মন্ত্ৰীৰ পুত্তলিকা দাহ](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2647224-862-529fd4aa-c0cb-49a2-9feb-9d49268736bc.jpg)
Effigy burns
Effigy burns
বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ শাসন কালত গ্ৰাম্যোন্নয়ন বিভাগত শেহতীয়াকৈ হোৱা নিযুক্তিত দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ চেলেংহাট আঞ্চলিক সমিতিয়ে ৷ বিভাগটোপ নিযুক্তিত হোৱা দুৰ্নীতিৰ প্ৰতিবাদত হাঁহচৰা চাৰিআলিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু গ্ৰাম্যোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলেৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ।এই নিযুক্তি সন্দৰ্ভত চি বি আই তদন্তৰ দাবী জনাই প্ৰতিবাদীসকলে ।