যোৰহাট,19 জুন : সুদীৰ্ঘ 43 বছৰৰ পিছত নিজে পঢ়া বিদ্যালয় যোৰহাটৰ শংকৰদেৱ চেমিনাৰীত উপস্থিত হৈ আবেগিক হৈ পৰিল শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু ৷ শিক্ষাৰ ঘাই শিপা বিচাৰি আহি বিদ্যালয় খনৰ প্ৰৱেশদ্বাৰত ভৰি থৈয়ে আঁঠুকাঢ়ি সেৱা ল’লে শিক্ষা মন্ত্ৰী গৰাকীয়ে ৷ 1978 চনত বিদ্যালয়খনৰ পৰা প্ৰথম বিভাগত সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল ডাঃ ৰণোজ পেগু ৷
বিদ্যালয় খনত উপস্থিত হৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উত্তীৰ্ণৰ প্ৰমাণ পত্ৰ সংগ্ৰহ কৰাৰ লগতে বিদ্যালয় খনৰ অভাৱ অভিযোগৰ বুজ লয় মন্ত্ৰী গৰাকীয়ে ৷ বিদ্যালয় খনৰ প্ৰধান শিক্ষয়িত্ৰী নিবেদিতা বৰুৱাই মন্ত্ৰী গৰাকীৰ হাতত তুলি দিয়ে তেখেতৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰমাণ পত্ৰ খন ৷ লগতে বিদ্যালয় খনত উপস্থিত হৈ নষ্টালজিক হৈ পৰা ডাঃ পেগুৱে বিদ্যালয়খন পৰিদৰ্শন কৰাৰ লগতে তেওঁ পঢ়া শ্ৰেণী কোঠাটোলৈ গৈ অতীতৰ স্মৃতি ৰোমন্থন কৰে ৷