অসম

assam

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 3:50 PM IST

ETV Bharat / state

Durga Puja 2023 : মহা মৃত্যুঞ্জয় মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰা পূজা মণ্ডপে আকৰ্ষণ কৰিছে যোৰহটীয়া ৰাইজক

শাৰদীয় দুৰ্গা পূজাক কেন্দ্ৰ কৰি যোৰহাটত উখল-মাখল পৰিৱেশ ৷ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ সমীপত নগাঁৱৰ ঐতিহ্যমণ্ডিত মহা মৃতুঞ্জয় মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে পূজা মণ্ডপ ৷

Durga Puja Preparation in Jorhat
যোৰহাটত উখল -মাখল পৰিৱেশ

শাৰদীয় দুগোৎসৱক লৈ ৰাজ্যত উখল -মাখল পৰিৱেশ

যোৰহাট, 20 অক্টোবৰ : শাৰদীয় দুগোৎসৱক লৈ ৰাজ্যত আৰম্ভ হৈছে উখল -মাখল পৰিৱেশ ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দুৰ্গোৎসৱৰ আয়োজন ৷ আটকধুনীয়াকৈ সজাই-পৰাই তোলা হৈছে পূজা মণ্ডপ সমূহ ৷ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ বিভিন্ন আৰ্হিত নিৰ্মাণ কৰা হৈছে পূজা মণ্ডপ সমূহ ৷ পূজা কমিটি সমূহৰ মাজত পৰিলক্ষিত হৈছে সীমাহীন ব্যস্ততা ৷

শাৰদীয় দুৰ্গা পূজাক কেন্দ্ৰ কৰি এতিয়া ৰাজ্যত উছৱমুখৰ পৰিৱেশ ৷ ইয়াৰ ব্যতিক্ৰম নহয় সাংস্কৃতিক নগৰী যোৰহাটো ৷ যোৰহাটৰ সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ সৌজন্যত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ সমীপত নগাঁৱৰ ঐতিহ্যমণ্ডিত মহা মৃতুঞ্জয় মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে পূজা মণ্ডপ ৷ এই পূজা মণ্ডপে যোৰহাটবাসী ৰাইজক বিশেষভাৱে আকৰ্ষিত কৰিব সেয়া একপ্ৰকাৰ নিশ্চিত ৷

পূজা সমিতি সমূহে নিৰাপত্তাৰ দিশটোৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰখাৰ লগতে আৰক্ষী লগত সঘন যোগাযোগ অব্যাহত ৰাখিছে ৷ জিলাখনত এই বৰ্ষত প্ৰায় ৯০ খন পূজা অনুষ্ঠিত হৈছে ৷ ফলত দূৰ্গোৎসৱক লৈ এতিয়া ৰাইজ মাজত দুগুণ উৎসাহ দেখিবলৈ পোৱা গৈছে ৷ এই শাৰদীয় উৎসৱ উপভোগ কৰিবলৈ সাজু হৈছে যোৰহটীয়া ৰাইজ ৷

আজি মহাষষ্ঠী উপলক্ষে সন্ধ্যা নামি অহাৰ লগে লগেই দেৱী দুৰ্গাক ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা হ'ব ৷ নৱৰাত্ৰিৰ ষষ্ঠ দিন অনুসৰি সন্ধ্যা বেলবোধনৰ পাছত ঢাক-ঢোল, ডবা-শংখ, মংগলধ্বনি উৰুলিৰে পূজাৰীৰ মন্ত্ৰোচাৰণৰ মাজত মনোকামনা পূৰ্ণৰ বাবে পূজা মণ্ডপ সমূহত মা দুৰ্গাৰ আৰ্শীবাদ বিচাৰি ভক্তৰ বিশাল সমাৱেশ ঘটাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ উল্লেখ্য যে দুৰ্গা পূজাৰ সময়ত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় আৰু আইন-শৃংখলাৰ পৰিস্থিতি বিঘ্নিত নহয় তাৰে বাবে নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলাৰ লগতে আৰক্ষীয়ে বিশেষ টহলৰ ব্যৱস্থা কৰিছে যোৰহাটত ৷ দুৰ্গা পূজা উপলক্ষে এতিয়া যুদ্ধংদেহী তৎপৰতাৰে সাজু হোৱা দেখা গৈছে যোৰহাট আৰক্ষীকো ৷

লগতে পঢ়ক :Durga puja 2023 : 200 বছৰত ভৰি দিলে ডিব্ৰুগড়ৰ বকুল দুৰ্গা পূজাই

ABOUT THE AUTHOR

...view details