যোৰহাট, 21 অক্টোবৰ: মহামাৰীৰ প্ৰদুৰ্ভাৱে যেন স্তব্ধ কৰিছে সকলো ৷ মাত্ৰ কেইটামান ঘন্টাৰ পাচতেই আৰম্ভ হ'ব শাৰদীয় দূৰ্গা পূজাৰ লগ্ন ৷ শাৰদীয় দুৰ্গোৎসৱৰ পূৰ্বৰ উৎসাহ নাই ঐতিহাসিক বুঢ়ী গোঁসানী দেৱালয়ত ৷
শাৰদীয় দুৰ্গোৎসৱ:নিমাওমাও ঐতিহাসিক বুঢ়ী গোঁসানী দেৱালয় চৌহদ - বুঢ়ী গোঁসানী দেৱালয়
মাত্ৰ কেইটামান ঘন্টাৰ পাচতেই শাৰদীয় দূৰ্গা পূজাৰ লগ্ন আৰম্ভ হ'ব যদিও নিমাওমাও হৈ ৰৈছে ঐতিহাসিক বুঢ়ী গোঁসানী দেৱালয়ৰ চৌহদ ৷ মহামাৰীৰ প্ৰদুৰ্ভাৱে যেন স্তব্ধ কৰিছে সকলো ৷
![শাৰদীয় দুৰ্গোৎসৱ:নিমাওমাও ঐতিহাসিক বুঢ়ী গোঁসানী দেৱালয় চৌহদ নিমাওমাও ঐতিহাসিক বুঢ়ী গোঁসানী দেৱালয় চৌহদ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9258343-thumbnail-3x2-kk.jpg)
নিমাওমাও ঐতিহাসিক বুঢ়ী গোঁসানী দেৱালয় চৌহদ
শাৰদীয় দুৰ্গোৎসৱ:নিমাওমাও ঐতিহাসিক বুঢ়ী গোঁসানী দেৱালয় চৌহদ
বছৰৰ মূৰকত অহা শাৰদীয় পূজাৰ প্ৰাকমূহুৰ্ততো নিমাওমাও হৈ ৰৈছে পূৰ্বে বিৰ দি বাট নোপোৱা যোৰহাটৰ ঐতিহাসিক বুঢ়ী গোঁসানী দেৱালয়ৰ চৌহদ ৷ মহামাৰীৰ প্ৰাদুৰ্ভাৱে বাবে স্বৰ্গদেউ আহোম ৰজাৰ দিনৰ পৰা প্ৰথমবাৰৰ বাবে এইবাৰ নামমাত্ৰ নিয়মেৰে ঐতিহাসিক থান খনত পালন কৰা হ'ব শাৰদীয় দুৰ্গোৎসৱ ৷
লগতে পঢ়ক:11 বছৰৰ পাচত ৰাজধানী দিল্লীত আটাইতকৈ ঠাণ্ডা দিনৰ ৰেকৰ্ড ভংগ