অসম

assam

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 6:54 PM IST

ETV Bharat / state

Dumpers terror on roads : মৰিয়নিত বালি কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্ম্য

বালি কঢ়িওৱা ডাম্পাৰে মহতিয়াই নিলে ৰে’ল গেট ৷ কথমপি প্ৰাণ ৰক্ষা পৰিল পথচাৰীৰ ৷

Dumpers terror on roads at Mariani
ডাম্পাৰে মহতিয়াই নিলে ৰে’ল গেট

ডাম্পাৰৰ দৌৰাত্ম্য

যোৰহাট, 11 ছেপ্টেম্বৰ : মৰিয়নিত বালি কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্ম্য ৷ বালি কঢ়িওৱা ডাম্পাৰে মহতিয়াই নিলে ৰে’ল গেট ৷ মৰিয়নিত যমদূতৰ ৰূপত আৱিৰ্ভাৱ হৈছে ভোগদৈৰ পৰা বালি কঢ়িয়াই অনা দ্ৰুত বেগী ডাম্পাৰ ৷ এনে ধৰণৰ ঘটনা মৰিয়নি নগৰ আৰু ইয়াৰ আশে পাশে সুলভ দৃশ্য লৈ পৰিণত হৈছে ৷

এনেধৰণ ঘটনা দিনৰ পোহৰতে সংঘটিত হোৱাৰ পিচতো নিধিৰাম চৰ্দাৰৰ ৰূপত থকাৰ অভিযোগ উঠিছে মৰিয়নিৰ বন বিভাগ আৰু আৰক্ষীৰ বিৰুদ্ধে ৷ ফলত এই বিভাগৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি বালি কঢ়িওৱা ডাম্পাৰে মহতিয়াই নিলে মৰিয়নি ৰে’ল গেট ৷ ফলত কথমপি প্ৰাণ ৰক্ষা পৰিল পথচাৰীৰ ৷ ইফালে এই ঘটনা মৰিয়নি আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ সন্মুখতে সংঘটিত হৈছে ৷

অভিযোগ অনুসৰি বাধা-নিষেধ থকা সত্ত্বেও বিভাগীয় কৰ্তৃপক্ষ আৰু আৰক্ষীক মেনেজ কৰি নিতৌ ডাম্পাৰে বালি কঢ়িয়াই আছে ৷ আনহাতে নিতৌ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীসকল অহা-যোৱা কৰাৰ সময়তো অবাধে বালি কঢ়িওৱা ডাম্পাৰ দৌৰাত্ম্যই তেওঁলোকৰ জীৱনলৈ প্ৰত্যেক মুহূৰ্ততে বিপদ কঢ়িয়াই অনাৰ সম্ভৱনা আছে ৷ ফলত নিজৰ সন্তানৰ জীৱন-নিৰাপত্তাৰ সংশয়ত ভুগিছে অভিভাৱকসকল ৷ ৰাজপথত দৌৰাত্ম্য চলোৱা, বালি কঢ়িওৱা ডাম্পাৰ সমূহক নাকী লগাবলৈ বিভাগীয় কৰ্তৃপক্ষক বিভিন্ন দল-সংগঠনে দাবী জনাই আহিছে যদিও কোনো ধৰণৰ গুৰত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই ৷

আনহাতে গুৰু-গোঁসাই নমনা ডাম্পাৰসমূহক নাকী লগোৱাত ব্যৰ্থ হোৱাত এতিয়া সকলো চিন্তিত হৈ পৰিছে ৷ উল্লেখ্য যে মৰিয়নিত বালি কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্ম্যৰ বিৰুদ্ধে দুটাকৈ জাতীয় সংগঠনে নিজাববীয়াকৈ পদক্ষেপ গ্ৰহণ কৰিছিল ৷ কিন্তু অতি কৌশলেৰে বিভাগীয় বিষয়াই বালি কঢ়িওৱা গাড়ীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ নকৰি নৰম স্থিতি গ্ৰহণ কৰাৰো অভিযোগ উঠিছিল ৷ ফলত বালি মাফিয়াৰ সৈতে মিতিৰালি কৰাৰ অভিযোগত এজন চৰকাৰী বিষয়াৰ বিৰুদ্ধে মৰিয়নি থানাত এজাহাৰ দাখিল কৰিছিল দুটাকৈ জাতীয় সংগঠনে ৷

লগতে পঢ়ক :Bajali District Controversy: বৰপেটা জিলাৰ অংগ কৰ্তনৰ ভুল বুজাবুজি নিৰাময়ৰ আহ্বান ডেকা সত্ৰীয়াৰ

ABOUT THE AUTHOR

...view details