যোৰহাট, 28 ছেপ্টেম্বৰ:ড্ৰাগছকে ধৰি বিভিন্ন অবৈধ নিচাযুক্ত সামগ্ৰী এটা সমাধান নোহোৱা অংক হৈ পৰিছে ৷ ৰাজ্যজুৰি নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই থকাৰ পিছতো একাংশ অপৰাধীয়ে সুযোগ বুজি নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ অব্যাহত ৰাখিছে (Anti drugs operation) ৷ পিছে অসম আৰক্ষীয়েও ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে নিচাজাতীয় দ্ৰব্য বিৰোধী অভিযান (Assam police against drugs) ৷ ইফালে ৰাজ্যত নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ সমান্তৰালকৈ সচেতন হৈছে গাঁওৰক্ষী বাহিনী তথা সাধাৰণ জনতাও ৷
শেহতীয়াকৈ, যোৰহাটত ড্ৰাগছ লৈ থকা অৱস্থাত স্থানীয় ৰাইজে বুধবাৰে হাতে লোটে আটক কৰিবলৈ সক্ষম হয় দুই যুৱকক (Drugs paddler arrested) । যোৰহাট ৰজামৈদাম নিউকলনীৰ এটা ভাড়া ঘৰৰ পৰাৰ ড্ৰাগছ সেৱন কৰি থকাৰ লগতে বিক্ৰী কৰিবলৈ যো-জা কৰি থাকোতেই স্থানীয় ৰাইজে যুৱক দুজনক আটক কৰি আৰক্ষীক চমজাই দিয়ে ।
তাৰ্পয্যপূৰ্ণ যে যোৰহাট ট্ৰাকাইপট্ৰি, মেষ্টপৰ্ট্ৰি, ৰজামৈদাম, বৰিগাৱ আৰু নিউ কলনি আদি স্থানত বিগত বহু দিন ধৰি অসামাজিক কাৰ্যকলাপকে ধৰি ড্ৰাগছ ৰমৰমীয়া বেহা চলি থকাৰ অভিযোগ দীৰ্ঘদিনীয়া । আনহাতে আটকাধীন যুৱক দুজনে বিগত সময় ধৰি ৰজামৈদাম নিউ কলনি অঞ্চলত থকা ভাড়া ঘৰৰ পৰাই ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।