যোৰহাটত জব্দ নিচাযুক্ত সামগ্ৰী - নিচাযুক্ত সামগ্ৰী
যোৰহাটৰ হৰিজন কলনিৰ কৃষ্ণ বাসফৰ নামৰ এজন ব্যক্তিৰ ঘৰৰ পৰা দেওবাৰে যোৰহাট আৰক্ষীয়ে উদ্ধাৰ কৰে বহু পৰিমাণৰ গাঞ্জা, অবৈধ সুৰাৰ লগতে ব্ৰাউন চুগাৰ
![যোৰহাটত জব্দ নিচাযুক্ত সামগ্ৰী](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2720535-618-040fdb13-f091-4785-a8e3-f8ea7a4c5deb.jpg)
যোৰহাটত জব্দ নিচাযুক্ত সামগ্ৰী
যোৰহাট, 17 মাৰ্চঃ যোৰহাট জব্দ বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী ৷ যোৰহাটৰ হৰিজন কলনিৰ কৃষ্ণ বাসফৰ নামৰ এজন ব্যক্তিৰ ঘৰৰ পৰা দেওবাৰে যোৰহাট আৰক্ষীয়ে উদ্ধাৰ কৰে বহু পৰিমাণৰ গাঞ্জা, অবৈধ সুৰাৰ লগতে ব্ৰাউন চুগাৰ ৷ বিশেষ সূত্ৰৰ পম খেদি যোৰহাটৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰঞ্জিত চেতিয়াৰ নেতৃত্বত যোৱা এটা দলে হৰিজন কলনিৰ কৃষ্ণ বাসফাৰৰ নামৰ ব্যক্তিজনৰ ঘৰত অতৰ্কিতে অভিযান চলাই প্ৰায় ৩৫০ গ্ৰাম ব্ৰাউন চুগাৰ, ৩.৮ কেজি গাঞ্জাৰ লগতে প্ৰায় ১৪১ টা দেশী বিদেশী সুৰাৰ বটল জব্দ কৰিবলৈ সক্ষম হয় ।
যোৰহাটত জব্দ নিচাযুক্ত সামগ্ৰী