অসম

assam

ETV Bharat / state

যোৰহাটৰ পথাৰত ছিৰাল ফাট

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বলিয়া বানে সপোনৰ ঘৰখন উটুৱাই নিয়াৰ পাচত ভয়ংকৰ সমস্যাৰূপে দেখা দিছে খৰাঙে ৷ শাওনৰ পথাৰত ভৰপকৰ সময়ত উত্তৰ পশ্চিম ঢেকৰগড়া উন্নয়ন খণ্ডৰ অন্তৰ্গত গৰখীয়া দল অঞ্চলৰ ভবালীচুকৰ আইকৰি পথাৰৰ বিঘা বিঘা কৃষি ভূমি খৰাঙৰ কৱলত

যোৰহাটৰ পথাৰত ছিৰাল ফাট

By

Published : Aug 14, 2019, 11:34 PM IST


যোৰহাট, 14 আগষ্টঃ ৰাজ্যৰ বানৰ বিভীষিকাৰ পাচত এতিয়া ঠায়ে ঠায়ে খৰাঙৰ ভয়াৱহতা । যোৰহাটৰ পথাৰত মেলিছে ছিৰাল ফাট । চিন্তিত কৃষক ৰাইজ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বলিয়া বানে সপোনৰ ঘৰখন উটুৱাই নিয়াৰ পাচত ভয়ংকৰ সমস্যাৰূপে দেখা দিছে খৰাঙে ৷ শাওনৰ পথাৰত ভৰপকৰ সময়ত উত্তৰ পশ্চিম ঢেকৰগড়া উন্নয়ন খণ্ডৰ অন্তৰ্গত গৰখীয়া দল অঞ্চলৰ ভবালীচুকৰ আইকৰি পথাৰৰ বিঘা বিঘা কৃষি ভূমি খৰাঙৰ কৱলত । যাৰফলত বহু কৃষকে মূৰে কপালে হাত দিবলগীয়া অৱস্থা । প্ৰকৃতিৰ ওপৰতে ভৰষা কৰা এইসকল খেতিয়কৰ মতে জলসিঞ্চন বিভাগে বিভিন্ন আঁচনি আছে যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বিভাগটোৱে । যাৰ বাবে মুৰে-কপালে হাত দিবলগীয়া অৱস্থা কৃষক ৰাইজৰ ৷ আনহাতে, উত্তৰ-পশ্চিম যোৰহাটৰ মালৌখাত,মালৌপাম,ৰান্ধনী জান,কেৰিমেৰী আদি অঞ্চলৰ বহু হেক্টৰ কৃষি ভূমি ভৌগদৈ নদীৰ বালিয়ে পুতি পেলায় ৷

যোৰহাটৰ পথাৰত ছিৰাল ফাট

ABOUT THE AUTHOR

...view details