যোৰহাট, 6 ছেপ্তেম্বৰঃ যোৰহাটৰ টিয়ক চাহ বাগিছাত যোৱা ৩১ আগষ্টত নৃশংস ভাৱে হত্যাকৰা হৈছিল চিকিৎসক ডঃ দেৱেন দত্তক ৷ এই হত্যাকাণ্ডৰ সন্দৰ্ভত শুকুৰবাৰে যোৰহাট প্ৰেছ ক্লাৱত আটছাৰ সংবাদমেল ৷ সংবাদমেল অনুষ্ঠিত কৰি সমগ্ৰ ঘটনা দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়াৰ লগতে দোষীক কঠোৰ শাস্তি দিয়াৰ দাবী আটছাৰ ৷ ইপিনে বাগিছাৰ চিকিৎসক সকলক পদত্যাগ নকৰিবলৈ আহ্বান জনায় চাহ বাগিছাৰ চিকিৎসক সকলক নিৰাপত্তা দিবলৈ সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে সংবাদমেলত । অৱশ্যে অসম চৰকাৰৰ লগতে চাহ বাগিচাত পৃথক-পৃথক চৰকাৰ চলে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সংগঠনটোৰ নেতাসকলে ৷ চাহ বাগিচাৰ চিকিৎসককে ধৰি আন আন কৰ্মচাৰীক নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে অসম চৰকাৰ ।
ডঃ দেৱেন দত্তৰ হত্যাকাণ্ডক কেন্দ্ৰ কৰি আটছাৰ সংবাদমেল - যোৰহাট প্ৰেছ ক্লাৱত আটছাৰ সংবাদমেল
দোষীয়ে উপযুক্ত শাস্তি দিয়াৰ দাবীৰ লগতে বাগিছাৰ চিকিৎসক সকলক পদত্যাগ নকৰিবলৈ অনুৰোধ জনায় যোৰহাটত আটছাৰ সংবাদমেল ৷
আনহাতে ছ’চিয়েল মিডিয়াতো চাহ জনগোষ্ঠীক কেন্দ্ৰ কৰি যিকোনো নিকৃষ্ট মন্তব্য প্ৰদান নকৰিবলৈ অনুৰোধ সংগঠনটোৰ ৷ এনে মন্তব্যৰ বাবে অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে সংগঠনটোৰ নেতা সকলে । টিয়ক চাহ বাগিছাৰ ঘটনা পুনৰাবৃত্তি নহ’বৰ বাবে বাগিছাই-বাগিছাই সজাগতা সভা পাতিব সংগঠনটোৱে । ইপিনে এই ঘটনাৰ পাছত ৫ খন চাহ বাগিছাত (টিয়ক, জগদুৱাৰ, নামচিচু, ডালিম আৰু খনিকৰ) যি লক্ আউট ঘোষণা কৰিছে সেইয়া প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায় । আনহাতে যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা প্ৰাক্তন আটছা কৰ্মী মনোজ মাঝি আটছাৰ সক্ৰিয় সদস্য নহয়, এজন শুভাকাংক্ষীহে বুলি উল্লেখ কৰে নেতাসকলে । আলফা (স্বা) কৰা মন্তব্যৰ বিৰোধে তীব্ৰ ক্ষোভ উজাৰিছে সংগঠনটোৰ কৰ্মকতা সকলে । এই সংবাদমেলত উপস্থিত থাকে আটছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাজেন কুমাৰ আৰু সাধাৰণ সম্পাদক পবন বেদীয়া ৷ টিয়কৰ ঘটনাৰ ফলত সমগ্ৰ চাহ জনগোষ্ঠী অতি লজ্জিত তাৰ বাবে প্ৰয়াত ডঃ দেৱেন দত্তৰ গৃহলৈ গৈ ক্ষমা খুজিব বুলি জানিবলৈ দিয়ে ৷