অসম

assam

ETV Bharat / state

দেবেন দত্তৰ হত্যাকাৰীৰ মুক্ত বিচৰণ - আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াত সন্দেহ

ঘটনাৰ মাত্ৰ দহ দিনৰ পাছতে চিকিৎসক হত্যাত জড়িত অভিযুক্তৰ মুকলি আকাশৰ তলত বিচৰণ ৷ আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াত সন্দেহ ৷ ৰাজনৈতিক হস্তক্ষেপৰ অভিযোগ ৷

দেবেন দত্তৰ হত্যাকাৰীৰ মুক্ত বিচৰণ

By

Published : Sep 11, 2019, 8:50 AM IST

টীয়ক, 11 চেপ্তেম্বৰঃ টীয়ক চাহ বাগিচাত যোৱা ৩১ আগষ্টত চিকিৎসক দেবেন দত্তৰ হত্যাৰ ঘটনাই তোলপাৰ লগোৱাৰ লগতে সবৰ্ত্ৰে দাবী উত্থাপন হৈছিল এই নাৰকীয় ঘটনাৰে জড়িত এজনো অভিযুক্ত যাতে সাৰি যাব নোৱাৰে ৷ ঘটনাৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজ ,দল সংগঠনৰ দাবীৰ ভিত্তিত ৰাজ্য চৰকাৰে এগৰাকী আয়ুক্তক ঘটনাৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰাৰ লগতে এমাহৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছিল । তদুপৰি এই ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্টট্ৰেক আদালতত কৰাৰ সিদ্ধান্ত কৰিছিল ৰাজ্য চৰকাৰে । অসম আৰক্ষীৰ আইন শৃংখলাৰ দায়িত্বত থকা মহা পৰিদৰ্শকেও টীয়ক ভ্ৰমণ কৰি এই ঘটনাৰ উচিত তদন্তৰ কথা ঘোষণা কৰিছিল । সকলোৱে আশা কৰিছিল ৰাজ্য চৰকাৰ তথা আৰক্ষীৰ তৎপৰতাত এই ঘটনাৰে জড়িত সকলে উচিত শাস্তি পাব আৰু দুৰ্ভগীয়া পৰিয়ালটোৱে ন্যায় পাব । কিন্তু আৰক্ষীৰ কেতবোৰ শেহতীয়া ভূমিকাই সৃষ্টি কৰিছে সন্দেহৰ ৷ চিকিৎসক আক্ৰমণৰ ঘটনাৰে জড়িত বহু জনক আৰক্ষীয়ে সোধপোচৰ বাবেও আটক কৰা নাই আৰু কেইবাজনক আৰক্ষীয়ে সোধপোচ কৰি মুকলি কৰি দিয়ে । যাৰ বাবে ঘটনাৰ মাত্ৰ দহদিন উকলি যোৱাৰ পাছতে মুকলিকৈ ঘুৰি ফুৰিছে কেইবাটাও অভিযুক্ত ৷ উল্লেখ্য যে, এই অভিযুক্ত সকলৰ মাজত আছে বলমা গাঁও পঞ্চায়তৰ পঞ্চায়ত সদস্য তথা বিজেপি দলৰ কৰ্মী মুকুল ৰাজোৱাৰ ৷ আৰক্ষীয়ে আটক কৰা ৪০ জনৰ মাজত পঞ্চায়ত সদস্য জনো আছিল আৰু উক্ত দিনা উত্তেজিত শ্ৰমিকৰ আক্ৰমণৰ পৰা চিকিৎসক গৰাকীক বচাবলৈ যোৱাৰ সময়ত কল্যাণ বিষয়া গৰাকীক আক্ৰমণ কৰা আক্ৰমণকাৰীৰ ভূমিকাত আছিল পঞ্চায়ত সদস্য মুকুল ৷ মুকুল জড়িত থকাৰ প্ৰত্যক্ষ প্ৰমাণ থকাৰ পাছতো কি ৰহস্যজনক কাৰণত তেওঁক গ্ৰেপ্তাৰ কৰা ন'হল সেই লৈ অৱতাৰণা হৈছে প্ৰশ্নৰ ৷ তেনেদৰে চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা এটা সংগঠনৰ এজন নেতাৰ ভাতৃ চিকিৎসক জনৰ আক্ৰমণ কৰাৰ ঘটনাৰে জড়িত থকাৰ পাছতো আৰক্ষীয়ে তেওঁক সোধপোচ নকৰাৰ অভিযোগ উঠিছে । শাসকীয় দলৰ সদস্য, জাতীয় সংগঠনৰ নেতাৰ ভাতৃ হোৱাৰ বাবেই অভিযুক্ত হোৱা স্বত্বেও আৰক্ষীৰ এনে দৰদক লৈ সন্দেহ উপজিছে ৰাইজৰ ৷

দেবেন দত্তৰ হত্যাকাৰীৰ মুক্ত বিচৰণ

ABOUT THE AUTHOR

...view details