যোৰহাট, 31 আগষ্ট :যোৰহাটৰ টিয়কত সংঘটিত হোৱা হৃদয় বিদাৰক ঘটনা সন্দৰ্ভত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ কনিষ্ঠ চিকিৎসকৰ প্ৰতিবাদী কাৰ্যসূচী । যোৰহাটৰ টিয়ক চাহবাগিছাত একাংশ চাহ শ্ৰমিকৰ হাতত প্ৰাণ আহুতি দিয়া চিকিৎসক দেৱেন দত্তৰ মৃত্যুয়ে সমগ্ৰ যোৰহাটৰ লগতে ৰাজ্য কঁপাই তুলিছে ৷ মানুহৰ সেৱা কৰিবলৈ গৈ ৭৩ বছৰীয়া চিকিৎসক জনৰ মৃত্যুয়ে ব্যথিত কৰি তুলিছে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ কনিষ্ঠ চিকিৎসকৰ লগতে চিকিৎসা পাঠ্যক্ৰমত অধ্যয়ন কৰি থকা সকলক ৷
টিয়কৰ ঘটনাক লৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ মম জ্বলাই কৰিলে প্ৰতিবাদ - মম জ্বলাই প্ৰতিবাদী কাৰ্যসূচী
যোৰহাটৰ টিয়কত সংঘটিত হোৱা হৃদয় বিদাৰক ঘটনাকলৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ লগতে ছাত্ৰ সমাজে চিকিৎসালয়ৰ চৌহদত মম জ্বলাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে
![টিয়কৰ ঘটনাক লৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ মম জ্বলাই কৰিলে প্ৰতিবাদ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4303619-thumbnail-3x2-teok-incident.jpg)
চিকিৎসকৰ মম জ্বলাই কৰিলে প্ৰতিবাদ
চিকিৎসকৰ মম জ্বলাই কৰিলে প্ৰতিবাদ
শনিবাৰে সন্ধিয়া যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ কনিষ্ঠ চিকিৎসকৰ লগতে ছাত্ৰ সমাজে চিকিৎসালয়ৰ চৌহদত মম জ্বলাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ প্ৰতিবাদী কাৰ্যসূচীত অতিশীৰ্ঘে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাই চিকিৎসক আৰু ছাত্ৰসকলে ৷