যোৰহাট, 8 জানুৱাৰী:যোৰহাট চিকিৎসা মহাবিদ্যালয়ত অঘটন ৷ কনিষ্ঠ চিকিৎসকক প্ৰহাৰ কৰাৰ অভিযোগত আটক এজন লোক ৷ আটকাধীন লোকজন যোৰহাটৰ গায়ন ঘৰফলীয়া গাঁৱৰ হেমন্ত শইকীয়া বুলি জানিব পৰা গৈছে ৷
প্ৰাপ্ত তথ্য অনুসৰি, লোকজনে তেওঁৰ 4 বছৰীয়া শিশুটিক চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ আনিছিল ৷ কিন্তু আটকাধীন লোকজনৰ অভিযোগ মতে, চিকিৎসকে ৰোগীক গুৰুত্ব নিদিয়াৰ বাবেই তেওঁ প্ৰহাৰ কৰে চিকিৎসকক ৷ কিন্তু আটকাধীন লোকজন সুৰাসক্ত অৱস্থাত আছিল বুলিও আন এক অভিযোগ উত্থাপন হৈছে ৷