মৰিয়নী, 12 জুলাইঃ চিকিৎসকৰ বাসগৃহত হোম কোৱাৰেণ্টাইনৰ ষ্টিকাৰ লগাবলৈ যোৱা আশা কৰ্মীক দুৰ্ব্যৱহাৰৰ অভিযোগ ৷ এই ঘটনা সংঘটিত হৈছে মৰিয়নীত ৷ কেইদিনমান পূৰ্বে মৰিয়নীৰ এহাল দম্পতীৰ দেহত পোৱা গৈছিল কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷ আক্ৰান্ত দম্পতীহালৰ শৰ্মিলা লুদ দে' নামৰ মহিলাগৰাকীক কোভিড পৰীক্ষাৰ পূৰ্বে, চিকিৎসা প্ৰদান কৰি আহিছিল মৰিয়নীৰ বি চি গগৈ নামৰ এগৰাকী চিকিৎসকে ৷ দম্পতীহালৰ দেহত কোভিডৰ অৱস্থিতি পোৱাৰ পিচতে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা চিকিৎসক গৰাকীক হোম কোৱাৰেণ্টাইনৰ নিৰ্দেশ প্ৰদান কৰিছিল ৷ সেই অনুসৰি চিকিৎসক গৰাকীৰ বাসগৃহত হোম কোৱাৰেণ্টাইনৰ ষ্টিকাৰ লগাবলৈ গৈছিল এগৰাকী আশাকৰ্মী ৷ কিন্তু আশাকৰ্মী গৰাকীক ভাবুকি প্ৰদান কৰি হোম কোৱাৰেণ্টাইনৰ তাৰিখ সলনি কৰাবলৈ বাধ্য কৰায় বুলি অভিযোগ উত্থাপন কৰিছে আশাকৰ্মী গৰাকীয়ে ৷ নিয়ম অনুসাৰে চিকিৎসক গৰাকীৰ হোম কোৱাৰেণ্টাইনৰ সময় আছিল 11 জুলাইৰ পৰা 24 জুলাইলৈ ৷ কিন্তু ভাবুকি প্ৰদান কৰাৰ ফলত চিকিৎসক গৰাকীৰ নিৰ্দেশ অনুসাৰে আশা কৰ্মী গৰাকীয়ে সেই সময় হ্ৰাস কৰে 5 জুলাইৰ পৰা 18 জুলাইলৈ ৷
চিকিৎসকৰ ঘৰত হোম কোৱাৰেণ্টাইন ষ্টিকাৰ লগাবলৈ যোৱা আশা কৰ্মীক দুৰ্ব্যৱহাৰ - doctor misbehaved asha worker who went to stick home quarantine sticker in the doctor's home
মৰিয়নীত চিকিৎসকৰ বাসগৃহত হোম কোৱাৰেণ্টাইনৰ ষ্টিকাৰ লগাবলৈ গৈ চিকিৎসক আৰু তেওঁৰ আত্মীয়ৰ পৰা ভাবুকি লাভ কৰে এগৰাকী আশা কৰ্মীয়ে ৷ চিকিৎসক গৰাকীৰ ভাবুকি আৰু নিৰ্দেশ অনুসাৰে আশা কৰ্মী গৰাকীয়ে তেওঁৰ হোম কোৱাৰেণ্টাইনৰ সময় নিৰ্ধাৰিত সময়তলৈ হ্ৰাস কৰে ৷
doctor misbehaved asha worker
আনহাতে হোম কোৱাৰেণ্টাইনৰ নিৰ্দেশ প্ৰদান কৰাৰ পিচতো চিকিৎসক গৰাকীয়ে তেওঁৰ ব্যক্তিগত চেম্বাৰত হৈ চিকিৎসা প্ৰদান কৰি আছিল বুলি জানিবলৈ দিয়ে ফাৰ্মাচিষ্টে ৷ তেওঁৰ লগত থকা নাৰ্ছ গৰাকীয়েও নিয়মীয়াকৈ তেওঁৰ লগতে চেম্বাৰত চিকিৎসা প্ৰদান কৰি আহিছে বুলি জানিবলৈ দিয়ে চেম্বাৰ কৰ্তৃপক্ষই ৷ 11 জুলাইৰ দিনটোলৈ চিকিৎসক গৰাকীয়ে দৈনিকভাৱে চেম্বাৰলৈ গৈ চিকিৎসা প্ৰদান কৰি আছিল বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়কঃঅখিল গগৈৰ দেহত কৰ'ণা পজিটিভ