টীয়ক, 24 ছেপ্টেম্বৰঃ ৰাজ্য কঁপোৱা চিকিৎসক দেবেন দত্তৰ হত্যাকাণ্ডৰ 22 দিনৰ পাচত আৰক্ষীয়ে সোমবাৰে 602 পৃষ্ঠাৰ জোৰা ছাৰ্জশ্বিট দাখিল কৰে৷ অসম আৰক্ষীৰ এই ক্ষীপ্ৰ তদন্তৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে চিকিৎসক দেবেন দত্তৰ পত্নী অপৰাজিতা দত্তই ৷ অৱশ্যে আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াত কেতবোৰ ক্ৰুটিৰ বাবে অপৰাধী সাৰি যাব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে দেবেন দত্তৰ পৰিয়ালে ৷ লগতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা স্বত্বেও আজি পৰ্যন্ত ফাষ্টট্ৰেক আদালতত গোচৰ চলাবৰ বাবে কোনো চৰকাৰী নিৰ্দেশনা যোৰহাট আদালতে লাভ কৰা নাই বুলিও আক্ষেপ কৰিছে প্ৰয়াত চিকিৎসকগৰাকীৰ পত্নীয়ে ৷
দেবেন দত্ত হত্যাকাণ্ডঃ 602 পৃষ্ঠাৰ জোৰা ছাৰ্জশ্বিট দাখিল - 602 পৃষ্ঠাৰ জোৰা ছাৰ্জশ্বিট
চিকিৎসক দেবেন দত্তৰ হত্যাকাণ্ডৰ বিচাৰ ফাষ্টট্ৰেক আদলতত চলিব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা স্বত্বেও আজি পৰ্যন্ত কোনো চৰকাৰী নিৰ্দেশনা যোৰহাট আদালতে লাভ নকৰাত আক্ষেপ প্ৰকাশ কৰিছে প্ৰয়াত চিকিৎসক গৰাকীৰ পত্নীয়ে ৷
ফাষ্টট্ৰেক আদালতত নচলিল চিকিৎসক দেবেন দত্তৰ হত্যাকাণ্ডৰ গোচৰ
তদুপৰি আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত থকা 32 জন অভিযুক্তৰ নাম আদালতত দাখিল কৰিছে যদিও এই তালিকাত বিজেপিৰ পঞ্চায়ত সদস্য মুকুল ৰাজোৱাৰ নাম নথকাৰ অভিযোগ উত্থাপন হৈছে ৷ সেয়ে আইনৰ সুৰুঙাৰে যাতে হত্যাকাৰী কোনো কাৰণতে সাৰি যাব নোৱাৰে তাৰ বাবে চৰকাৰক বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালবৰ্গই ।