অসম

assam

By

Published : Apr 23, 2021, 8:09 AM IST

ETV Bharat / state

ক’ভিড সন্দৰ্ভত মাজুলী জিলা উপায়ুক্তৰ সংবাদমেল

মাজুলীত জিলা উপায়ুক্তৰ সংবাদমেল । পৰ্যটক সকলৰ বাবে ফেৰী ঘাট সমূহত ক’ভিড টেষ্টৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে । পৰ্যটকৰ আগমনৰ ক্ষেত্ৰত বিশেষ নিয়ম বান্ধি দিছে মাজুলী প্ৰশাসনে ।

ক’ভিড সন্দৰ্ভত মাজুলী জিলা উপায়ুক্তৰ সংবাদমেল
ক’ভিড সন্দৰ্ভত মাজুলী জিলা উপায়ুক্তৰ সংবাদমেল

মাজুলী, 23 এপ্ৰিল : বৃহস্পতিবাৰে বিয়লি মাজুলীৰ উপায়ুক্ত কাৰ্যালয়ত মাজুলী জিলাৰ উপায়ুক্ত বিক্ৰম কৈৰীয়ে ক'ভিড মহামাৰী সন্দৰ্ভত আয়োজন কৰে এক সংবাদমেল ৷ এই সংবাদমেলৰ জৰিয়তে ক’ভিড ১৯ ৰ ভয়াবহতা আৰু মাজুলীত আগন্তুক বিপদৰ বাবে সাজু হ’বলগীয়া সকলো ব্যৱস্থাৰ বিষয়ে অৱগত কৰে মাজুলী জিলা উপায়ুক্ত গৰাকীয়ে ।

প্ৰাপ্ত তথ্য অনুসৰি, মাজুলীত বৃহস্পতিবাৰে ১৮,২৩৯ প্ৰতিষেধক প্ৰদান কৰা হৈছে । ১০ হাজাৰৰো অধিক লোকক কৰা হৈছে ক’ভিড পৰীক্ষা । মাজুলীৰ ফেৰীঘাট সমূহতো ব্যৱস্থা কৰা হৈছে ক’ভিড পৰীক্ষাৰ । আনহাতে, কোনো পৰ্যটকক হোটেল, ৰিজত, গেষ্ট হাউচ, ল'জ আদি প্ৰশাসনৰ অনুমতি অবিহনে ভাড়া দিব নোৱাৰিব বুলি সংবাদমাধ্যমৰ আগত সদৰি কৰে মাজুলী জিলা উপায়ুক্ত গৰাকীয়ে ।

ক’ভিড সন্দৰ্ভত মাজুলী জিলা উপায়ুক্তৰ সংবাদমেল

আনকি, ফেৰী ঘাটত বাহিৰৰ ক’ভিড ৰিপৰ্ট দেখুৱালে নহ’ব । মাজুলী ফেৰী ঘাট বা চিকিৎসালয়ত পুনৰ টেষ্ট কৰিব লাগিব পৰ্যটক সকলে । মাজুলীত বৰ্তমান সক্ৰিয় ক’ভিড ৰোগী আছে ৮ জন ৷ সকলো ৰোগীকে হোম আইচলেচনত ৰখা হৈছে আৰু গড়মূৰ চিকিৎসালয় আৰু জেংৰাইমুখৰ চিকিৎসালয় সাজু কৰিছে জৰুৰীকালীন ক’ভিড ৰোগীৰ বাবে । এই কথা সংবাদমাধ্যমৰ আগত সদৰি কৰে মাজুলী জিলা উপায়ুক্ত বিক্ৰম কৈৰীয়ে ৷

লগতে পঢ়ক:কৰ’ণাত আক্ৰান্ত কাৰ্বি আংলং জিলা সত্ৰ ন্যায়াধীশ

ABOUT THE AUTHOR

...view details