যোৰহাট,২৩ জানুৱাৰী:যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত (Jorhat Central Jail) কাৰাবাস খাটি অহা এগৰাকী ব্যক্তি প্ৰশংসনীয় পদক্ষেপ (Commendable step by ex prisoner) । বিশিষ্ট ব্যৱসায়ী তথা প্ৰাক্তন পৌৰ সদস্য অংকুৰ গুপ্তা কিছুমাহ পূৰ্বে এক মাৰপিটৰ ঘটনাত গ্ৰেপ্তাৰ হৈ কাৰাগাৰলৈ যাব লগা হৈছিল । কাৰাগাৰত থকা সময়ছোৱাত ব্যৱসায়ীজনে কাৰাগাৰ ভিতৰত থকা লোকসকলৰ দুৰাৱস্থা তথা কিছুমান প্ৰয়োজনীয় অভাৱ অভিযোগ দেখিবলৈ পাইছিল ।
গুপ্তাই কাৰাবন্দী কয়দীসকলৰ বিভিন্ন অসুবিধা নিজেই প্ৰত্যক্ষ কৰিছিল । কয়দীসকলৰ প্ৰায় সংখ্যকে চকুৰ অসুখত ভুগি অহাৰ লগতে তেওঁলোকৰ বাবে বিশেষতঃ আঠুৱাৰ অভাৱ আছিল । আনহাতে, কাৰাগাৰৰ ভিতৰত শৌচাগাৰৰ ভগ্নপ্ৰায় দৰ্জাও প্ৰত্যক্ষ কৰিছিল অংকুৰ গুপ্তাই । সেয়েহে কাৰাগাৰৰ কাৰাবাস খাটি ওলাই আহি অংকুৰ গুপ্তাই এক মানবদৰদী বিশেষ সিদ্ধান্ত গ্ৰহণ কৰে (Distribution of relief to inmates of Jorhat Jail) ।
গুপ্তাই কাৰাবন্দীসকলক সহায় কৰিবলৈ আগবাঢ়ি আহি প্ৰথমৱস্থাত তেওঁলোকৰ বাবে আয়োজন কৰিলে এক চকু পৰীক্ষা শিৱিৰৰ (Free Eye check-up camp) । ইয়াৰ পিছত যোৰহাট কেন্দ্ৰীয় কাৰাগাৰৰ কয়দীসকলৰ বাবে যোৰহাটৰ অগ্ৰণী সামাজিক অনুষ্ঠান মাৰোৱাৰী সন্মিলন আৰু মন্থন ক্লাবৰ সহযোগত প্ৰাক্তন পৌৰ সদস্য অংকুৰ গুপ্তাই আগভাগ লৈ যোৰহাট কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষৰ জৰিয়তে কয়দীসকলৰ বাবে ২০৫ খন আঁঠুৱা প্ৰদান কৰে ।
অংকুৰ গুপ্তা আৰু মাৰোৱাৰী সন্মিলনৰ উদ্যোগত যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত চকু চিকিৎসা শিৱিৰৰো আৰু কাৰাগাৰৰ ভিতৰত শৌচাগাৰত নতুন দৰ্জাও লগাই দিয়াৰ ব্যৱস্থা কৰাৰ বাবে অংকুৰ গুপ্তাক কেন্দ্ৰীয় কাৰাগাৰৰ বিষয়া কৰ্মচাৰীৰ লগতে অন্যান্য লোকেও শলাগ লৈছে ।