টীয়ক,13 জুলাই:কৰ’ণা ভাইৰাছৰ বিপৰীতে এতিয়া যেন একপ্ৰকাৰ আতংকৰ কাৰণ হৈ পৰিছে ৰাজ্য়ৰ বান পৰিস্থিতি ৷ যোৰহাট জিলাৰ টীয়কত ক্ৰমাৎ শোচনীয় হৈ পৰিছে বান পৰিস্থিতি ৷ বানাক্ৰান্ত লোকসকলে সম্প্ৰতি আশ্ৰয় গ্ৰহণ কৰিছে অস্থায়ী বান শিবিৰত ৷ বৃহত্তৰ টীয়কৰ জাঁজীমুখৰ বজাৰ গৃহতো স্থাপন কৰা হৈছে অস্থায়ী আশ্ৰয় শিবিৰ ৷ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে অধিকাংশ এলেকা জলমগ্ন কৰাৰ পিছত সম্প্ৰতি শিবিৰত আশ্ৰয় গ্ৰহণ কৰি থকা ৰাইজৰ মাজত দেখা দিছে খাদ্য সংকটে ৷
বানাক্ৰান্তৰ আশ্ৰয় শিবিৰত খাদ্যৰ অভাৱঃ অৰ্থহীন সমাজিক দূৰত্বৰ সংজ্ঞা - টীয়ক
কৰ’ণা ভাইৰাছতকৈ অধিক ভয়ংকৰ হৈ পৰিছে ৰাজ্যৰ বান পৰিস্থিতি ৷ বানাক্ৰান্ত লোকসকলে সম্প্ৰতি আশ্ৰয় গ্ৰহণ কৰিছে অস্থায়ী বান শিবিৰত ৷ কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰা সকলো নীতি-নিৰ্দেশনা ভংগ কৰা পৰিলক্ষিত হৈছে আশ্ৰয় শিবিৰত ৷ বানাক্ৰান্তসকলে উপযুক্ত ঠাইৰ অভাৱত একেখন বিচনাতে কটাবলগীয়া পৰিস্থিতি উদ্ভৱ হৈছে টীয়কৰ আশ্ৰয় শিবিৰত ৷
খাদ্যৰ অভাৱ টীয়কৰ আশ্ৰয় শিবিৰত
ইপিনে,অন্য এক সমস্যাৰ সন্মুখীন হৈছে শিবিৰবাসী ৷ কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰা সকলো নীতি-নিৰ্দেশনা ভংগ কৰা পৰিলক্ষিত হৈছে আশ্ৰয় শিবিৰত ৷ বানাক্ৰান্তসকলে উপযুক্ত ঠাইৰ অভাৱত একেখন বিচনাতে কটাবলগীয়া পৰিস্থিতি উদ্ভৱ হৈছে শিবিৰত ৷ মুঠৰ ওপৰত চৰকাৰী নিৰ্দেশনা অসাৰ প্ৰতিফলিত হৈছে আশ্ৰয় শিবিৰসমূহত ৷ বৰ্তমান খাদ্যৰ অভাৱত জীৱন কটাবলগীয়া হোৱা শিবিৰবাসীয়ে লাভ কৰা নাই কোনো চৰকাৰী সাহায্য ৷